NORTHEAST NOW (Assamese)

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত বাংলাদেশৰ প্ৰতিনিধিক আদৰণি

July 18, 2024 1:15 pm · এন ই নাও নিউজ, গুৱাহাটী

বাংলাদেশ উচ্চায়ুক্ত, গুৱাহাটীৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে অন্যান্য বিষয়ববীয়াৰ সৈতে যোৱা সোমবাৰে (১৫ জুলাই, ২০২৪ তাৰিখে) গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উপস্থিত হয়।

তেওঁলোকৰ এই পৰিদৰ্শনে  ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ লগতে জি চি ইউ আৰু বাংলাদেশ বিশ্ববিদ্যালয়ৰ মাজতো সম্ভাৱ্য সহযোগিতা স্থাপন কৰিব বুলি আশা কৰিছে।

এই উপলক্ষে আয়োজন কৰা এক অভ্যৰ্থনা অনুষ্ঠানত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড০ কন্দৰ্প দাসে আদৰণি জনাই কয় যে বৌদ্ধিক বিনিময় আৰু সহযোগিতাৰ ক্ষেত্ৰখন এই ভ্ৰমণৰ দ্বাৰা যথেষ্ট উপকৃত হ’ব।

বিশ্ববিদ্যালয়ৰ আচাৰ্য  অধ্যাপক ড০ জয়ন্ত ডেকাই ভাষণ প্ৰসংগত কয় যে ই ৰাষ্ট্ৰৰ মাজত ব্যৱধান দূৰ কৰি শিক্ষণ আৰু সহযোগিতাৰ দিগন্ত প্ৰসাৰণ কৰাত বিশেষ গুৰুত্ব দিব।

শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিৰ সভাপতি যশোদা ৰঞ্জন দাসে দেশসমূহৰ মাজত শিক্ষা আৰু সাংস্কৃতিক বুজাবুজিৰ লক্ষ্য প্ৰসাৰিত কৰাৰ বাবে ফলপ্ৰসূ শৈক্ষিক সন্মিলনৰ গুৰুত্বৰ বিষয়ে বক্তব্য ৰাখে।

আনহাতে, ৰুহুল আমিনে শৈক্ষিক আৰু সাংস্কৃতিক বিনিময় সৃষ্টিৰ বাবে উচ্চ শিক্ষাত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে লগতে কয় যে এনে এক অনুষ্ঠানে অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ আদান-প্ৰদান, গৱেষণা ,  শিক্ষণ আৰু প্ৰসাৰৰ নতুন পথ মুকলি কৰিব পাৰে।

এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ডীন, মুৰব্বী অধ্যাপক, বিভিন্ন বিভাগৰ অধ্যাপক, অধ্যাপিকাসকলৰ লগতে বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী আৰু গৱেষক পণ্ডিতসকল উপস্থিত থাকি এক সৌহাৰ্দ্যপূৰ্ণ সহযোগিতা আৰু পৰিবেশ ৰচনা কৰে,  যিয়ে  ভাৰত আৰু বাংলাদেশৰ প্ৰতিষ্ঠানসমূহৰ মাজত জ্ঞান আৰু সম্পদৰ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল’ব পাৰে l 

Related News