NORTHEAST NOW (Assamese)

তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা দিবলৈ গৈ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল’লে যুৱতীয়ে!

September 16, 2024 10:34 am · এন ই নাও নিউজ, গুৱাহাটী

দেওবাৰে অনুষ্ঠিত হৈ গ’ল ৰাজ্যৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। কিন্তু পৰীক্ষাৰ পিছতে আহিল এক মৰ্মান্তিক খৱৰ। পৰীক্ষাত দিবলৈ গৈ থকাৰ সময়তে কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱতীয়ে।

টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী পৰশ্ৰী গগৈয়ে কৰুণ মৃত্যুক সাৱটি লয়। চাচনী দেওঘৰীয়া গাঁও নিবাসী পৰশ্ৰী গগৈয়ে ADREৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ডিব্ৰুগড়লৈ গৈ থকাৰ সময়তে এক পথ দুৰ্ঘটনাত পতিত হয়। সেই দুৰ্ঘটনাতে কৰুণ মৃত্যুক সাৱটি ল’লে যুৱতীগৰাকীয়ে।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰি এটা পোষ্ট দি ছাত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ স্কুলৰ পৰা ওভতাৰ পথত অপহৰণ কৰি পঞ্চম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ! অভিযুক্তৰ সন্ধানত আৰক্ষী

পোষ্টটোত লুৰিণ জ্যোতি গগৈয়ে লিখিছে, ‘’টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী, চাচনী দেওঘৰীয়া গাঁও নিবাসী পৰশ্ৰী গগৈয়ে আজি ADREত অৱতীৰ্ণ হ’বলৈ ডিব্ৰুগড়লৈ গৈ থাকোঁতে এটা পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক আঁকোৱালি ল’লে৷ প্ৰতিভাসম্পন্ন যুৱতীগৰাকীৰ বিয়োগ অসহনীয়, অতিকৈ বেদনাদায়ক৷ ভগ্নীসম পৰশ্ৰীৰ বিয়োগে বাৰুকৈয়ে ব্যথিত কৰিছে৷ তেওঁলৈ শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷ পৰিয়ালটোক এই দুখৰ বোজা সহিবলৈ ঈশ্বৰে শকতি দিয়ক!’’

উল্লেখ্য যে দেওবাৰে ৰাজ্যৰ সবৰ্বৃহৎ নিযুক্তি পৰীক্ষা হিচাপে দাবী কৰা SLRCৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত ৰাজ্যৰ ১১ লাখ ২৩ হাজাৰ ২০৪গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। মুঠ ৩,১২৭টা পদৰ বাবে অনুষ্ঠিত হৈছিল তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা। ৰাজ্যৰ ২৮ খন জিলাৰ মুঠ ২,৩০৫টা কেন্দ্ৰত অনুষ্ঠিত হয় এই পৰীক্ষা। 

Related News