NORTHEAST NOW (Assamese)
অসম

৪ বছৰৰ পিছত ঘৰলৈ উভটি আহিল ৬০ হাজাৰ টকাত বহিঃৰাজ্যত বিক্ৰী কৰা অসমীয়া যুৱতী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী April 22, 2024 8:27 pm
৪ বছৰৰ পিছত ঘৰলৈ উভটি আহিল ৬০ হাজাৰ টকাত বহিঃৰাজ্যত বিক্ৰী কৰা অসমীয়া যুৱতী

চাৰি বছৰ পূৰ্বে বহিঃৰাজ্যত বিক্ৰী কৰা হৈছিল যুৱতীগৰাকীক। কৰ্ম সংস্থাপনৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ নি মাত্ৰ ৬০ হাজাৰ টকাৰ বিক্ৰী কৰি দিয়া হৈছিল যুৱতীগৰাকীক। অৱশেষত ৪ বছৰৰ পিছত নিজৰ ঘৰলৈ ঘূৰি আহিবলৈ সক্ষম হয় ভুক্তভোগী যুৱতীগৰাকী। 

জানিব পৰা মতে যুৱতীগৰাকীৰ ঘৰ বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অধীনস্থ ৭ নং বাছবাৰীত। 

চাৰি বছৰ পূৰ্বে বেংগালুৰুত কৰ্মসংস্থাপনৰ প্ৰলোভন দি নুৰুল ইছলাম নামৰ এজন ব্যক্তিয়ে বিক্ৰী কৰি দিছিল যুৱতীগৰাকীক।

বেংগালুৰুত কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও তাৰ পৰিৱৰ্তে গুৱাহাটীলৈ লৈ গৈছিল যুৱতীগৰাকীক। গুৱাহাটীত জোৰ-জবৰদস্তি ড্ৰাগছ সেৱন কৰাই পৰৱৰ্তী সময়ত ৰেলযোগে শিলিগুৰিলৈ নি ৬০ হাজাৰ টকাৰ বিনিময়ত দুষ্ট চক্ৰৰ হাতত যুৱতী গৰাকীক গতাই দিছিল নুৰুল ইছলামে।

৪ বছৰে অনেক কষ্ট আৰু নিৰ্যাতন সহ্য কৰি অৱশেষত ঘৰলৈ ঘূৰি আহিবলৈ সক্ষম হয় ভুক্তভোগী যুৱতীগৰাকী।

খবৰ অনুসৰি ইতিমধ্যে ধৃত নুৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।