NORTHEAST NOW (Assamese)
অসম

অসমতো হিজাবক লৈ চর্চা! হিজাবৰ সমৰ্থনত নাম্বাৰপাৰাত ওলাই আহিল শতাধিক ছাত্ৰী

Posted by: ইয়াছিন আলী , বঙাইগাঁও Updated by: ইয়াছিন আলী , বঙাইগাঁও February 14, 2022 3:07 pm
IMG_20220214_125231

হিজাব বিৰ্তকই ভাৰতবৰ্ষৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰসমুহতো তোলপাৰ লগোৱাৰ সময়তে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা ছ’চাইটি ফ’ৰ মাদ্ৰাছাতুল বনাতৰ শতাধিক ছাত্ৰীয়ে হিজাবৰ সমৰ্থনত থিয় দিয়া পৰিলক্ষিত হয়।

নাৰীসকলৰ হিজাব পিন্ধাৰ অধিকাৰ বাহাল ৰখাৰ দাবী উত্থাপন কৰিছে ছ’চাইটি ফ’ৰ মাদ্ৰাছাতুল বনাতৰ শিক্ষক আৰু ছাত্ৰীসকলে।

লগতে পঢ়ক: মাজুলী উপ নিৰ্বাচনৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ ঘনিষ্ঠ ভুবন গামক বিজেপিৰ প্ৰাৰ্থিত্ব

মাদ্ৰাছাখনৰ এগৰাকী শিক্ষকে জানিব দিয়া মতে হিজাব পিন্ধিলে ধৰ্ষণ বা একাংশৰ কু-দৃষ্টিৰ পৰা ৰক্ষা পাব পাৰে। কাৰণ উন্মুক্ত দেহাত একাংশ ব্যক্তিৰ নজৰ থাকে। যাৰ বাবে সমাজত ধৰ্ষণ, বলপূৰ্বক ধৰ্ষণ আদিৰ দৰে ঘটনা সংঘটিত হয়।

ইফালে ছাত্ৰী সকলে জনায় যে হিজাব পিন্ধিলে আচলতে সন্মান পোৱা যায় বা মানুহে সন্মান কৰে। গতিকে হিজাব পিন্ধিব লাগে আৰু আমাক হিজাব পিন্ধাৰ অধিকাৰ দিব লাগে।