NORTHEAST NOW (Assamese)
অসম

যোৰহাটত চোৰাং গৰুৰ ৰমৰমীয়া বেহা; থানাৰ সন্মুখতে জব্দ কৰি ৰখা গাড়ীত অগ্নিসংযোগ গো মাফিয়াৰ

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক February 14, 2022 2:31 pm
Cattle smuggling1

যোৰহাটত চলিছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা l যোৰহাটৰ শান্তি আশ্ৰমৰ পৰা  চোৰাং গৰু সৰবৰাহ কৰিছিল l যোৰহাট পুলিবৰ আৰক্ষীয়ে যোৱা নিশা দুখন গৰু ভৰ্তি বলেৰ সহ ৫ জনক ব্যক্তিক আটক কৰে l

যোৰহাটৰ ককিলামুখৰ শান্তি আশ্ৰমৰ পৰা নগাঁও অভিমুখী দুখন বলেৰ পিক আপ গাড়ীৰে লৈ গৈছিল গৰু খিনিl বলেৰ দুখনৰ নাম্বাৰ হৈছে AS-03AC-3527 আৰু AS- 03AC-3475 l

আটক কৰা যুৱক কেইজন হৈছে আইজুল ইছলাম (৩০) মহম্মদ ইদুল আহমেদ (২৭) পিংকু কলিতা (২২) বিৰেন চৌধুৰী (৩৪)ৰাকেশ সাহা (২৮)বুলি জানিব পৰা গৈছে। চোৰাং গৰু খিনি বাংলাদেশলৈ নিয়াৰ বাবে অনা হৈছিল বুলি সন্দেহ কৰিছেl

লগতে পঢ়ক: মাজুলী উপ নিৰ্বাচনৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ ঘনিষ্ঠ ভুবন গামক বিজেপিৰ প্ৰাৰ্থিত্ব

কিন্তু তাৎৰ্পযপূৰ্ণ কথা হ’ল যে গো মাফিয়াই ৰাতি প্ৰায় তিনি বজাত থানাৰ সন্মুখত জব্দ কৰি ৰখা দুখন গাড়ীত অগ্নি সংযোগ কৰে l

cattle smuggling
ফটো: নৰ্থইষ্ট নাও।

কালি ৰাতি ১০ টা গৰু সহ ৫জন ব্যক্তিক জব্দ কৰি কোনো নথি পত্ৰ দিব নোৱাৰাৰ বাবে আৰক্ষীয়ে গোচৰ ৰুজু কৰে l কিন্তু লক্ষণীয়ভাৱে ৰাতিলৈ সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা l

এই ঘটনাৰ পিছত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যদিও এতিয়া আৰক্ষীৰ মনোবল ভাঙিবৰ বাবে এয়া গো মাফিয়াৰ উদ্ভণ্ডালি বুলি সন্দেহ কৰা হৈছে l