NORTHEAST NOW (Assamese)
অসম

মাজুলী উপ নিৰ্বাচনৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ ঘনিষ্ঠ ভুবন গামক বিজেপিৰ প্ৰাৰ্থিত্ব

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 14, 2022 12:54 pm
WhatsApp Image 2022-02-14 at 12.30.33 PM

ভাৰতীয় জনতা পাৰ্টিয়ে মাজুলী (জনজাতি সংৰক্ষিত) বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ভুবন গামক ইয়াৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

বিগত কেইদিন ধৰি মাজুলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী কোন হ’ব তাক লৈ অব্যাহত আছিল চৰ্চা।  

তাৰমাজতে সোমবাৰে পূৰ্বে বিজেপিৰ হৈ মাজুলী সমষ্টিক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ হিচাপে পৰিচিত ভুবন গামক প্ৰাৰ্থিত্ব প্ৰদানৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।

উল্লেখ্য যে সৰ্বানন্দ সোণোৱাল প্ৰধানমন্ত্ৰী মোদীৰ কেবিনেটত স্থান পোৱাৰ পিছত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। সেই সূত্ৰে মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক পদ ত্যাগ কৰাত খালী হোৱা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত কৰাটো প্ৰয়োজনীয় হৈ পৰে।

লগতে পঢ়ক: বিশ্বনাথ জিলাৰ পৌৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া বিজেপিৰ প্ৰাৰ্থী তালিকা প্রকাশ

জনজাতি সংৰক্ষিত ৯৯নং মাজুলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন অহা ৭ মাৰ্চত অনুষ্ঠিত হ’ব।

এই সন্দৰ্ভত যোৱা বৃহস্পতিবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে আনুষ্ঠানিক জাননী জাৰি কৰে।

মাজুলীৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল অন্তিম তাৰিখ হৈছে অহা ১৭ ফেব্ৰুৱাৰী। সেইদৰে ১৮ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২১ ফেব্ৰুৱাৰী ধাৰ্য কৰা হৈছে।