NORTHEAST NOW (Assamese)
অসম

দলৰ ভেটি মজবুত কৰাৰ বাবে গীতাৰ্থ গোস্বামীক অসম বিজেপিৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 11, 2019 7:55 pm
IMG-20190711-WA0011

ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ “সাংগঠনিক সম্পাদক” হিচাপে গীতাৰ্থ গোস্বামীক দায়িত্বভাৰ অৰ্পন কৰা হয়।এই পদটো গেৰুৱা দলটোৰ অসম প্ৰদেশৰ সাংগঠনিক অনুক্ৰমত দ্বিতীয়টো শক্তিশালী পদ হিচাপে গণ্য কৰা হয়।

অসমত বিজেপিৰ সংগঠন মজবুত কৰিবলৈ বিশেষভাৱে দায়িত্ব অৰ্পণ কৰা হৈছে গোস্বামীক। লখিমপুৰ জিলাৰ ঘৰমৰা সত্ৰৰ সত্ৰাধিকাৰ পৰিয়ালৰ পৰা ৰাজনৈতিক ক্ষেত্ৰত প্ৰবেশ কৰা গোস্বামী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৩ য় বৰ্গ প্ৰশিক্ষিত এজন স্বয়ংসেৱক। তেখেতৰ পিতৃ আৰু দুয়োজন ভাতৃও একো একোজন স্বয়ংসেৱক আৰু মাতৃ এগৰাকী সেৱিকা।

গোস্বামীৰ পিতৃ সত্ৰাধিকাৰ তথা ‘বিশ্ব হিন্দু পৰিষদ’ৰ উত্তৰ পূৱ প্ৰান্তৰ উপ-সভাপতি হোৱাৰ ওপৰিও অন্যান্য বহুতো সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক সংঘ চালক ডা: কেশৱ বলিৰাম হেডগেৱাৰ বাহিৰে আটাইকেইজন সংঘচালকে গোস্বামীৰ গৃহত আতিথ্য গ্ৰহণ কৰি গৈছে।

আনহাতে, সত্ৰাধিকাৰ পুত্ৰ হোৱাৰ বাবে সত্ৰ সংস্কৃতিৰ মূল্যবোধ তথা সমান্তৰালভাৱে ৰাষ্ট্ৰীয়তাবাদৰ চেতনাৰে সমৃদ্ধ গোস্বামীয়ে সংঘ পৰিয়ালৰ বিভিন্ন দায়িত্ব সুচাৰু ৰূপে পালন কৰিছিল।  তেওঁ সংঘৰ গটনায়ক, মুখ্য শিক্ষক, শাখা কাৰ্য্যবাহ, মণ্ডল কাৰ্য্যবাহ, নগৰ কাৰ্য্যবাহ, তেহচিল কাৰ্য্যবাহ, জিলা সহ-শাৰিৰীক প্ৰমুখ, সংঘ বিস্তাৰক, বজৰং দল আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সাংগঠনিক সম্পাদকৰো দায়িত্ব পালন কৰিছিল। সামাজিকভাৱে সক্ৰিয় গোস্বামীয়ে ৩২ বাৰতকৈও অধিক বাৰ ৰক্তদান কৰিছে। কৰ্মদক্ষ, দায়িত্বশীল গীতাৰ্থ গোস্বামীৰ আন এটা পৰিচয় আছে খেলুৱৈ হিচাপে। এসময়ৰ ছাই ৰ প্ৰশিক্ষাৰ্থী এই ‘দৌৰবিদ’জনে বিভিন্ন সময়ত ৰাজ্যিক স্তৰত খিতাপ বুটলিবলৈ সক্ষম হৈছিল।

বৰ্তমান এইগৰাকী ব্যক্তি বিজেপি দলৰ অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক হিচাপে  নিযুক্তি হোৱাৰ লগে লগে বিজেপি দলৰ নেতা কৰ্মী সকল উৎফুল্লিত হৈ পৰিছে। শিৱসাগৰ জিলা বিজেপিয়েও গীতাৰ্থ গোস্বামীলৈ অভিনন্দন জ্ঞাপন কৰি তেখেতৰ নেতৃত্বত উজনি অসমত বিজেপিৰ ভেঁটি অধিক শক্তিশালী হব বুলি আশা প্ৰকাশ কৰিছে ।