NORTHEAST NOW (Assamese)

অজেয় মেক্সৱেল! ৱাংখাড়েত ইতিহাসৰ নৱ সমল

November 8, 2023 7:01 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 8, 2023 12:59 am

শৈল্পিক নে অভিনৱ! দুৰ্জেয় কওঁ নে দুৰন্ত! নে লিখি দিয়া যাওঁক অবিশ্বাস্য কিম্বা অকল্পনীয়! এনে অভিনৱ-অতুলনীয় চমকক কি বিশেষণেৰে সজাব পাৰি! গগনচুম্বী প্ৰশংসাও যেন তেনেই নিষ্প্ৰভ এনে এক বিস্ফোৰক অথচ ধ্ৰুপদী নিপুণতাৰ সমুখত!

আৰু ৱাংখাড়ে! ১১ ত ৱাংখাড়েৰ বুকুত বাজিছিল, “ধোনী ফিনিছেচ ইন হিজ ষ্টাইল….”, বাজি উঠিছিল কৌটি কৌটি ক্ৰীড়ানুৰাগৰী বুকুত! ইতিহাসৰ সাক্ষী হৈছিল ৱাংখাড়ে। কিন্তু তাতোকৈয়ো যে পৃথক কালিৰ সেই শিল্প!

লক্ষ্য তেতিয়াও সুদূৰপৰাহত। স্ক’ৰবৰ্ডত জিলিকি আছিল, ৯১—৭। ২২ গজৰ এক নৱসূৰ্যৰ হাতত বিধ্বস্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছিল ‘ৰাজকীয়’ কেংগাৰু বাহিনী। কিন্তু সেই তেতিয়াই সলনি হৈছিল মেচৰ গতি। সলনি কৰিছিল এক যুঁজাৰুৱে। নাম গ্লেন মেক্সৱেল।

ৱাংখাড়েৰ বুকুত হাতত বেট লৈ আফগান বাহিনীৰ সমুখত মহানায়কৰ দৰে থিয় দি উঠিল মেক্সৱেল। লগত সহযোগী হিচাপে অধিনায়ক কামিন্স। তাৰ পিছতেই ক্ৰিকেটৰ বুকুত লিপিবদ্ধ হ’ল এক ইতিহাস। আঘাত জৰ্জৰিত শৰীৰেই মেক্সৱেলে ক্ৰিকেট বিশ্বক উপহাৰ দিলে ক্ৰিকেট ইতিহাসৰে এক অনবদ্য শ্ৰেষ্ঠ ইনিংছ।

পাঁচবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াক জয়ৰ বাবে ২৯২ ৰাণৰ লক্ষ্য বান্ধি দিছিল চমক সৃষ্টিকাৰী আফগানিস্তানে। প্ৰতিভা আৰু সম্ভাৱনাৰ ফালৰ পৰা যোগ্যৱান অথচ অভিজ্ঞতাৰ দিশৰ পৰা ২২ গজৰ ‘শিশু’ আফগান বাহিনীয়ে চলিত বিশ্বকাপত ইতিমধ্যেই দেখুৱাইছিল যোগ্যতাৰ আভাস।

কালিৰ মেচতো এটা সময়ত জয়ৰ প্ৰায় সম্ভাৱনাই উজলাই তুলিছিল দলটোৱে। প্ৰথমে বেটিং কৰি অপেনাৰ ইব্ৰাহিম জড্ৰানৰ মাৰাথান ১২৯ ৰাণৰ শতকীয় ইনিংছ আৰু ৰছিড খানৰ মাৰমুখী ৩৫ ৰাণৰ সহায়ত আফগানিস্তানে থিয় কৰাইছিল ২৯১ ৰাণৰ এক শক্তিশালী স্ক’ৰ।

গুৰবাজ (২১), ৰহমত শ্বাহ (৩০), হছমাতুল্লাহ শ্বাহিদী (২৬), আজমতুল্লাহ (২২) আৰু নবী (১২)ৰ বেটৰ পৰাও আহিছিল গুৰুত্বপূৰ্ণ অৱদান। ১২৯ ৰাণৰ দৃষ্টিনন্দন ইনিংটোৰে জড্ৰানে ৰচনা কৰিছিল এক ইতিহাস। ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত দেশৰ হৈ প্ৰথম শতকৰ অধিকাৰী হৈছিল জড্ৰান।

ইফালে ২৯২ ৰ লক্ষ্য অনুসৰ কৰি থৰকাছুটি হেৰাইছিল অষ্ট্ৰেলিয়াৰ। ৪ ৰাণতে অপেনাৰ ট্ৰেভিছ হেডৰ উইকেট হেৰুওৱাৰ পিছতে ভেটি কঁপিছিল কেংগাৰু বাহিনীৰ। এই প্ৰাৰম্ভিক বিপৰ্যয়ত বিপৰ্যস্ত দলটোৱে ৯১ ৰাণতে হেৰুৱাইছিল ৭ টাকৈ উইকেট। এক নিশ্চিত পৰাজয়ৰ গ্ৰাসত পৰিছিল দলটো।

কিন্তু তাৰ পিছতেই আৰম্ হৈছিল মেক্সৱেল শ্ব’। প্ৰথম অৱস্থাত ধীৰে-স্থিৰে ইনিংছ আগুৱাই নি পিছলৈ দুৰ্দান্ত বেটিঙেৰে ‘ৱান মেন আৰ্মী’ হৈ বিস্ফোৰক বেটাৰগৰাকীয়ে দলক দিছিল আকাংক্ষিত বিজয়। খেলিলে ২০১ ৰাণৰ এক মহা পৰাক্ৰমী আৰু ক্ৰিকেট ইতিহাসৰ শ্ৰেষ্ঠতম ইনিংছ।

অৱশ্যে মেক্সৱেলক যোগ্য সহযোগিতা আগবঢ়াই অষ্ট্ৰেলিয়াৰ জয়ৰ অন্য এক কাণ্ডাৰী ৰূপত অৱতীৰ্ণ হ’ল অধিনায়ক পেট কামিন্স। ধৈৰ্য আৰু সংযমৰ এক অভূতপূৰ্ব নিদৰ্শন দাঙি ধৰি উইকেটৰ এটা মূৰত ধীৰ-স্থিৰ হৈ ৰ’ল কামিন্স। সংগ্ৰহ ৬৮ টা বলত ১২ ৰাণ!

লক্ষণীয়ভাৱে ইতিহাস সূচনাকাৰী এই দ্বিশতকীয় ইনিংছটোক পূৰ্ণতা দিয়াৰ দিশত মেক্সৱেলে অতিক্ৰম কৰিছিল শাৰীৰিক বাধাক। ক্ৰীজত বেটিং কৰি থকাৰ সময়তে কেইবাবাৰো ভৰিৰ বিষত খেলপথাৰতে চিকিৎসকৰ সহায় ল’বলগীয়া হৈছিল তাৰকাগৰাকীয়ে।

ভৰিৰ বিষত ফিল্ডতে বাগৰি পৰিছিল মেক্সৱেল। কিন্তু এই সকলো বাধা অতিক্ৰমি মেক্সৱেলে ক্ৰীড়াবিশ্বত এক নৱ জোকাৰণি তুলিলে। বিষ জৰ্জৰ দেহেৰেই মাত্ৰ ১২৮ টা বলত ২১ টা চাৰি আৰু ১০ ছয়ৰ সহায়ত খেলা ২০১ ৰাণৰ এই কলাত্মক ইনিংটোৰে মেক্সৱেলে অষ্ট্ৰেলিয়াক কেৱল জয়ী কৰোৱাই নহয়, ছেমিৰ পথো প্ৰশস্ত কৰে।

ইফালে এই পৰাজয়ৰ ফলত আফগানিস্তানৰ ছেমি প্ৰৱেশৰ ক্ষেত্ৰত আহি পৰিল কঠিনতা। ছেমি ফাইনেললৈ উন্নীত হ’বলৈ হ’লে এতিয়া দলটোৱে নিজৰ অন্তিম লীগ মেচত পৰাস্ত কৰিব লাগিব শক্তিশালী দক্ষিণ আফ্ৰিকাক। লগতে নিউজিলেণ্ড আৰু পাকিস্তানৰ ওপৰতো নিৰ্ভৰ কৰিব দলটোৰ বিশ্বকাপ অভিযানৰ ভৱিষ্যত।

Related News