NORTHEAST NOW (Assamese)
Popular Stories

গ্লেন মেক্সৱেলৰ ধুমুহা! এদিনীয়া বিশ্বকাপত দ্ৰুততম শতকৰ অভিলেখ সৃষ্টি

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক October 25, 2023 6:43 pm

অন্য এক অভিলেখৰ অভিকেন্দ্ৰ হৈ পৰিছে ভাৰতত অনুষ্ঠিত হৈ থকা এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ প্ৰতিযোগিতা। সিদিনাখন দক্ষিণ আফ্ৰিকাৰ বেটাৰ আইডেন মাৰ্কৰামে গঢ়া অভিলেখ আজি বুধবাৰে ভংগ কৰিছে অষ্ট্ৰেলিয়ান বেটাৰ গ্লেন মেক্সৱেলে।  

অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ তথা বিস্ফোৰক বেটাৰ গ্লেন মেক্সৱেলে গঢ়িছে এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ দ্ৰুততম শতক অৰ্জন কৰাৰ নতুন অভিলেখ।   

World Cup | Glenn Maxwell conjures fastest World Cup century after David  Warner's hundred, Australia post 399/8 - Telegraph India

বুধবাৰে নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত নেদাৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপৰ মেচখনত মেক্সৱেলে এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰিছে।

আজিৰ মেচখনত মেক্সৱেলে মাত্ৰ ৪০ বলত শতক অৰ্জন কৰি এদিনীয়া ক্ৰিকেটত সামগ্ৰিকভাৱে বিশ্বৰ চতুৰ্থ দ্ৰুততম শতক অৰ্জন কৰাৰ বেটাৰ হিচাপে পৰিগণিত হয়।

 

Glenn Maxwell hits fastest World Cup century': Australia's Glenn Maxwell on  Wednesday hit the fastest World Cup century off just 40 balls in the match  against the Netherlands in New Delhi. Maxwell's

 

আজিৰ মাৰমুখি বেটিঙেৰে মেক্সৱেলে চলিত বিশ্বকাপতে দক্ষিণ আফ্ৰিকাৰ বেটাৰ আইডেন মাৰ্কৰামে গঢ়া এদিনীয়া বিশ্বকাপৰ দ্ৰুততম শতকৰ অভিলেখ ভংগ কৰে। উল্লেখ্য যে শ্ৰীলংকাৰ বিৰুদ্ধে মাৰ্কৰামে মাত্ৰ ৪৯ টা বলতে শতক অৰ্জন কৰি ২০১১ চনত কেভিন অব্ৰাইয়ানে স্থাপন কৰা এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ দ্ৰুততম শতকৰ অভিলেখ ভংগ কৰিছিল।

Aus vs Ned: Glenn Maxwell blasts fastest World Cup century - International  - geosuper.tv

৩৫ বছৰীয়া অষ্ট্ৰেলিয়ান বেটছমেনগৰাকীয়ে ডাচ বলিং আক্ৰমণক তচনচ কৰি মাত্ৰ ৪৪ টা বলত ৯ টা চাৰি আৰু ৮ টা ছয়ৰে ২৪০.৯০ ষ্ট্ৰাইক ৰেটেৰে মুঠ ১০৬ সংগ্ৰহ কৰে।

ইফালে মেচখনত অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৮ টা উইকেটৰ বিনিময়ত ৩৯৯ ৰাণ সংগ্ৰহ কৰে। অপেনাৰ ডেভিড ৱাৰ্ণাৰে ১০৪ ৰাণ কৰি শতক অৰ্জন কৰাৰ লগতে ষ্টীভ স্মিথে ৭১ ৰাণৰ দৰ্শনীয় অৰ্ধ শতক অৰ্জন কৰে।