NORTHEAST NOW (Assamese)

ইবোলা ভাইৰাছক লৈ বিশ্বজুৰি সতৰ্কতা, তিনিখন দেশ ভ্ৰমণ নকৰিবলৈ ভাৰত চৰকাৰৰ জৰুৰী নিৰ্দেশনা

May 24, 2026 11:18 am · এন ই নাও নিউজ, গুৱাহাটী

বিশ্ব স্বাস্থ্য সংস্থাই ইবোলাৰ বৰ্ধিত সংক্ৰমণক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক জৰুৰীকালীন স্বাস্থ্য পৰিস্থিতি হিচাপে ঘোষণা কৰাৰ পিছত ভাৰত চৰকাৰে এক বিশেষ সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে। ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেওবাৰে দেশৰ নাগৰিকসকলক ইবোলা ৰোগৰ দ্বাৰা প্ৰভাৱিত তিনিখন দেশ কঙ্গো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ, উগাণ্ডা আৰু দক্ষিণ ছুডানলৈ জৰুৰী প্ৰয়োজন নহলে ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছে। ইয়াৰ উপৰিও এই দেশসমূহত বসবাস কৰি থকা বা ভ্ৰমণ কৰি থকা ভাৰতীয় নাগৰিকসকলক স্থানীয় কৰ্তৃপক্ষৰ স্বাস্থ্য সম্পৰ্কীয় নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ আৰু অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, আফ্ৰিকাৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰয়ো কঙ্গো আৰু উগাণ্ডাত দেখা দিয়া বুণ্ডিবুগ্যো ষ্ট্ৰেইন ইবোলা ভাইৰাছৰ সংক্ৰমণক সমগ্ৰ মহাদেশখনৰ বাবে এক জৰুৰীকালীন স্বাস্থ্য পৰিস্থিতি বুলি ঘোষণা কৰিছে। কঙ্গো আৰু উগাণ্ডাৰ সীমান্তৱৰ্তী দক্ষিণ ছুডান আদিকে ধৰি অন্যান্য চুবুৰীয়া দেশসমূহতো এই ৰোগ বিয়পি পৰাৰ তীব্ৰ আশংকা কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি, ২১ মেলৈকে কঙ্গো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰত ইবোলাৰ ৭৪৬ টা সন্দেহজনক গোচৰ পোহৰলৈ আহিছে আৰু ইয়াৰ ভিতৰত ১৭৬ জন লোকৰ মৃত্যু হৈছে। আনহাতে, বৰ্তমানলৈকে কঙ্গো আৰু উগাণ্ডা দুয়োখন দেশ মিলাই মুঠ ৮৫ টা ইবোলাৰ নিশ্চিত গোচৰ পোৱা গৈছে, যাৰ ভিতৰত উগাণ্ডাৰ দুটা গোচৰ অন্তৰ্ভুক্ত আছে। এই নিশ্চিত গোচৰসমূহৰ ভিতৰত মুঠ ১০ জন লোকৰ মৃত্যু হৈছে, যাৰ ভিতৰত এটা মৃত্যু উগাণ্ডাত ৰেকৰ্ড কৰা হৈছে।

ভাৰতৰ বাবে সুখবৰ এই যে বৰ্তমানলৈকে দেশখনত বুণ্ডিবুগ্যো ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ইবোলা ৰোগৰ এটাও গোচৰ ধৰা পৰা নাই। এই ইবোলা ৰোগবিধ বুণ্ডিবুগ্যো ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা এক ভয়াবহ জ্বৰ, ত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ অতি বেছি হয়। চিন্তনীয় কথা এয়ে যে বৰ্তমান সময়ত এই বুণ্ডিবুগ্যো ভাইৰাছ ষ্ট্ৰেইনৰ দ্বাৰা হোৱা ইবোলা ৰোগ প্ৰতিৰোধ কৰিবলৈ কোনো ধৰণৰ ভেকচিন বা নিৰ্দিষ্ট চিকিৎসাৰ অনুমোদন জনোৱা হোৱা নাই।

Related News