NORTHEAST NOW (Assamese)
অসম

ছেনিটাইজেশ্যন অভিযান: গুৱাহাটীৰ প্ৰতিটো উপপথকে সামৰি ল’ব জিএমচিয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 31, 2020 11:41 am
Story-2-13-1140x570

গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যন (জি এম চি)য়ে মহানগৰীৰ উপপথকে ইয়াৰ ছেনিটাইজেশ্যন কাৰ্যসূচীৰ অধীনত সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

যোৱা ২৪ মাৰ্চৰ পৰা আৰম্ভ কৰা ছেনিটাইজেশ্যন অভিযানৰ অধীনত উপপথসমূহকো সামৰি লোৱাৰ বাবে নাগৰিকসকলৰ পৰা অহা ধাৰাবাহিক দাবীৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

‘’এই সময়ছোৱাত পৌৰনিগমে তেওঁলোকৰ অঞ্চলসমূহ ছেনিটাইজেশ্যন কৰাৰ বাবে ৰাইজৰ পৰা বিপুল দাবী লাভ কৰিছে,’’- সোমবাৰে জি এম চিৰ এগৰাকী বিষয়াই কয়।

‘’জি এম চিয়ে এই দাবী পূৰণ কৰাৰ বাবে চেষ্টা কৰিব আৰু আমাৰ আওতাৰ ভিতৰত পৰা সম্ভাৱ্য সৰ্বাধিক অঞ্চল সামৰি লোৱা হ’ব,’’-বিষয়াগৰাকীয়ে লগতে কয়।

জিএমচিৰ সূত্ৰি জানিবলৈ দিয়ে যে যদিওৱা আগতে কৰ্মী আৰু কাৰিকৰী অভাৱৰ বাবে উপপথসমূহ সামৰি লোৱাৰ পৰিকল্পনা নাছিল, বিভিন্ন স্থানৰ পৰা অহা ব্যাপক অনুৰোধৰ পাছত তেওঁলোকে উপপথসমূহকো সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ছেনিটাইজেশ্যন অভিযানৰ প্ৰথম পৰ্যায় দেওবাৰে অন্ত পৰাৰ পাছত সোমবাৰে দ্বিতীয় পৰ্যায়ৰ অভিযান আৰম্ভ কৰা হয়।

মহানগৰীত ছেনিটাইজেশ্যন অভিযান চলোৱাৰ বাবে জিএমচিয়ে ষ্টেট ফায়াৰ এণ্ড ইমাৰজেন্সী চাৰ্ভিছৰ সহযোগিতা গ্ৰহণ কৰিছে।

ছেনিটাইজেশ্যন অভিযানৰ দ্বিতীয় পৰ্যায়ত জিএমচিয়ে মহানগৰীৰ অধিকাংশ অঞ্চল সামৰি লোৱাৰ লক্ষ্য গ্ৰহণ কৰিছে।