NORTHEAST NOW (Assamese)
অসম

স্বাধীনতা দিৱস: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত ৰোপণ ২হেজাৰ গছপুলি

Posted by: কল্পজ্যোতি শইকীয়া August 15, 2018 7:52 pm
gmch

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদত মহাবিদ্যালয়ৰ অধীক্ষকৰ কাৰ্য্যালয়ৰ উদ্যোগত আৰু বন বিভাগৰ সহযোগত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্য্যসূচীৰে বুধবাৰে উদযাপিত হয় স্বাধীনতা দিৱস।

বিশ্বজুৰি ভয়াৱহ মাত্ৰাত বৃদ্ধি পোৱা প্ৰদূষণ ৰোধৰ এক পদক্ষেপ হিচাপেই এই গছপুলি ৰোৱা কাৰ্য্যসূচী লোৱা হৈছে বুলি নৰ্থ ইষ্ট নাও-ক জনাই চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰে।

‘গছপুলি ৰোপণৰ পদক্ষেপ সকলোৱে লোৱাটো উচিত। বতৰৰ ফল-মূলৰ পুলি, নিমৰ পুলি, অৰ্জুন, দেৱদাৰু, অগৰ ইত্যাদি প্ৰায় ২হাজাৰ গছৰ পুলি ৰোৱা হৈছে,’ নৰ্থ ইষ্ট নাও-ক জনাই অধীক্ষক তালুকদাৰে।

গছপুলি কেৱল ‘ৰুলেই নহ’ব, তাৰ উচিত যতনো ল’ব লাগিব যাতে পুলিৰ পৰা ডাঙৰ হোৱাৰ সুযোগ পায়’ বুলি উল্লেখ কৰি তালুকদাৰে কয় যে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবেই স্বাধীনতা দিৱসৰ দিনটোত এনেধৰণৰ পদক্ষেপ হাতত লোৱা হৈছে।

‘কোনো এটা নিৰ্দিষ্ট উৎসৱ হিচাপে নহয়, যেতিয়াই পৰা যায় তেতিয়া সময় উলিয়াই সকলোৱে গছপুলি ৰুব লাগে,’ তালুকদাৰৰ মত।

পুৱা ৮ বজাত অধীক্ষক তালুকদাৰে পতাকা উত্তোলন কৰাৰ পাছতে আৰম্ভ হোৱা এই গছ পুলি ৰোৱা কাৰ্য্যসূচীত চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক, নাৰ্চ, কৰ্মচাৰীৰ লগতে ৰোগীৰ অভিভাৱকসকলেও অংশগ্ৰহণ কৰে।

বিগত বন মহোৎসৱটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰা হৈছিল।