NORTHEAST NOW (Assamese)

গোৱাৰ মুখ্য মন্ত্ৰী প্ৰমোদ সাৱন্ত ক’ভিড-১৯ত আক্ৰান্ত

September 2, 2020 2:55 pm · এন ই নাও নিউজ

গোৱাৰ মুখ্য মন্ত্ৰী প্ৰমোদ সাৱন্ত ক’ভিড-১৯ত আক্ৰান্ত হৈছে। মুখ্য মন্ত্ৰী সাৱন্তে আজি এটা টুইটৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।

মুখ্য মন্ত্ৰী গৰাকীয়ে টুইটটোত কয়, ‍‘মই সকলোকে জনাব বিচাৰিছো যে মোৰ শৰীৰত ক’ৰ’না পজিটিভ পোৱা গৈছে। অৱশ্যে ক’ৰ’নাৰ কোনো লক্ষণ নাই সেয়ে মই হোম আইছ’লেশ্যনত থাকিম’।

তেওঁ লগতে কয়, ‍‘মই ঘৰৰ পৰাই নিজৰ দায়িত্ব তথা কৰ্তব্য পালন কৰি থাকিম। মোৰ সংস্পৰ্শলৈ অহা সকলোকে আৱশ্যকীয় সাৱধানতা অৱলম্বনৰ পৰামৰ্শ আগবঢ়ালো’।

উল্লেখ্য যে ইয়াৰ পূৰ্বে হাৰিয়ানাৰ মুখ্য মন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰী তথা বিজেপি নেতা শিৱৰাজ সিং চৌহানো ক’ভিড-১৯ত আক্ৰান্ত হৈছিল।

দেশত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৩৭,৬৯,৫২৩ গৰাকীলৈ বৃদ্ধি পায়।

ভাৰতত এতিয়ালৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ৬৬,৩৩৩ গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

ভাৰতত বৰ্তমানলৈ ২৯,০১,৯০৮ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

Related News