NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনৰ পূৰ্বে বিতৰ্কৰ মাজত গোৱালপাৰাস্থিত ইথানল প্লাণ্ট! বন ধ্বংসৰ লগতে স্বাস্থ্য হানিকৰাৰ আশংকা

September 11, 2025 10:42 am · এন ই নাও নিউজ, গুৱাহাটী

১৩ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগীয়া, গোৱালপাৰা জিলাৰ মাটিয়া ঔদ্যোগিক উন্নয়ন কেন্দ্ৰত থকা SEAS Biotech ইথানল প্লাণ্টটোৱে বনাঞ্চল ধ্বংস আৰু পৰিৱেশৰ ক্ষতি কৰাৰ অভিযোগত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। এই প্লাণ্টটোৱে কয়লাৰ পৰিৱৰ্তে খৰি ব্যৱহাৰ কৰি ইথানল উৎপাদন কৰে, যাৰ ফলত ওচৰৰ জংঘলত ব্যাপক গছ কটা হৈছে। স্থানীয় লোক আৰু পৰিৱেশবিদসকলে জানিবলৈ দিছে যে প্ৰায়ে বৈধ অনুমতি অবিহনে গোৱালপাৰা, কামৰূপ, কোকৰাঝাৰ, চিৰাং আৰু মেঘালয়ৰ পৰা কাঠ কঢ়িয়াই অনা ট্ৰাক নিয়মিতভাৱে প্লাণ্টত সোমায়, যাৰ ফলত অবৈধ গছ কটাৰ ভয় বাঢ়িছে।

ইফালে উদ্যোগটোৰ ওচৰৰ বাসিন্দাসকলে দুৰ্গন্ধৰ বাবে দৈনন্দিন জীৱন কঠিন কৰি তোলাৰ লগত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰতো বিৰোপ প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলে সতৰ্ক কৰি কৈছে যে এই দুৰ্গন্ধৰ নিৰ্গমনে জনবহুল অঞ্চলত মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। পৰিৱেশ কৰ্মীসকলে অভিযোগ কৰিছে যে কাঠ মাফিয়াৰ এটা দল বন আৰু আৰক্ষীৰ পৰীক্ষা এৰাই অবৈধভাৱে কাম কৰি আছে, যাৰ ফলত বন ধ্বংসৰ সমস্যা আৰু গুৰুতৰ হৈ পৰিছে।

উল্লেখ্য যে বন বিভাগে শেহতীয়াকৈ এখন নথি-পত্ৰবিহীন খৰিৰ ট্ৰাক জব্দ কৰি অবৈধ কাৰ্যকলাপৰ সন্দেহ নিশ্চিত কৰিছে। স্থানীয় লোক আৰু পৰিৱেশবিদসকলে চৰকাৰৰ পৰা কাঠ মাফিয়াৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা আৰু প্লাণ্টৰ খৰিৰ ব্যৱহাৰ পৰীক্ষাৰ দাবী জনাইছে। তেওঁলোকে অসমৰ বনাঞ্চল আৰু জনস্বাস্থ্যৰ সুৰক্ষাৰ সৈতে ঔদ্যোগিক উন্নয়নৰ ভাৰসাম্য ৰক্ষাৰ বাবে কৰ্তৃপক্ষক আহ্বান জনাইছে।

Related News