NORTHEAST NOW (Assamese)

গণ সংক্ৰমণৰ দিশে গোৱালপাৰা! : ক’ৰ’না পজিটিভ ৰোগী বিচাৰি ওৰে নিশা চলিল আৰক্ষীৰ অভিযান

June 30, 2020 2:39 pm · নীলমণি শৰ্মা
প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটী ধীৰেণপাৰাৰ কোম্পানী এটাত কৰ্মৰত এগৰাকী যুৱতীয়ে শ্বাৱ সংগ্ৰহ কৰাৰ পিছতে পলায়ন কৰিছিল গুৱাহাটীৰ পৰা৷

যোৱা সোমবাৰে কোভিড১৯ পজিটিভ ৰিপৰ্ট অহাত যুৱতী গৰাকীৰ সৈতে যোগাযোগ কৰিও সুফল নপোৱাত গুৱাহাটী আৰক্ষীয়ে মোবাইল নম্বৰ ট্ৰেক কৰি যুৱতী গৰাকীক গোৱালপাৰাৰ টুকুৰাত থকা বুলি নিশ্চিত কৰে৷

পিছত  আগীয়া আৰক্ষীয়ে গোটেই নিশা অভিযান চলাই মঙ্গলবাৰে ৰাতিপুৱাই যুৱতী গৰাকীক গোৱালপাৰাৰ টুকুৰাৰ এগৰাকী লোকৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্থাত উদ্ধাৰ কৰে৷

জেৰিনা নাৰ্জাৰী নামৰ যুৱতী গৰাকীয়ে  শনিবাৰে টুকুৰাৰ ৰামকৃষ্ণ মণ্ডল নামৰ লোকজনৰ ঘৰত আহি আশ্ৰয় লৈছিল৷

যুৱতী গৰাকীৰ ঘৰ বঙাইগাঁও জিলাৰ বিজনীত বুুুুলি জানিব পৰা গৈছেে৷

যুৱতী গৰাকীৰ পৰা উক্ত পৰিয়ালটোৰ লগতে গাঁৱৰ বহু লোকৰ দেহলৈ এই ক’ৰ’না সংক্ৰমণৰ আশংকা কৰা হৈছে।

অতি কম সময়ৰ ভিতৰতে যুৱতী গৰাকী আশ্ৰয় লৈ থকা ঠাইখন অৰ্থাৎ টুকুৰাৰ উক্ত অঞ্চলটো কোন্টেইনমেন্ট জ’ন হিচাবে প্ৰশাসনে ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

Related News