NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাৰ মহিলা হত্যাকাণ্ডৰ সৈতে জড়িত হত্যাকাৰীক জামুগুৰিহাটৰ পৰা আটক

Posted by: ছফিকুল আহমেদ September 15, 2018 6:41 pm
গোৱালপাৰাৰ মহিলা হত্যাকাণ্ডৰ সৈতে জড়িত হত্যাকাৰীক জামুগুৰিহাটৰ পৰা আটক

১৫ আগষ্টৰ দিনটোতে গোৱালপাৰাত এগৰাকী মহিলাক অতি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ সৈতে জড়িত অভিযুক্ত তথা হত্যাকাৰীক দুদু বনিয়াক শুকুৰবাৰে নিশা গোৱালপাৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে গোৱালপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক কুমাৰ বৰাৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে হত্যাকাৰী দুদু বনিয়াক বিশ্বনাথ চাৰিআলিৰ জামুগুৰিহাটৰ পৰা শুকুৰবাৰে নিশা আত্মগোপন কৰি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয়। এই কথা ভাৰপ্ৰাপ্ত বিষয়া বৰাৰ পৰা জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে ১৫ আগষ্টৰ দিনা গোৱালপাৰা জিলাৰ কলিতাপাৰাৰ ৯ নং ৱাৰ্ডৰ মহিলা চায়া দাস(৫৫)ক অতি নৃশংসভাৱে হত্যাৰ কৰাৰ পিছৰে পৰা বনিয়া পলাতক অৱস্থাত আছিল।

ভাৰপ্ৰাপ্ত বিষয়া বৰাই জনোৱা অনুসৰি পূৰ্বতেও আৰু বহু অপৰাধত জড়িত থকা বনিয়াক কৰায়ত্ত কৰিবৰ বাবে ২৫ আগষ্টত গোৱালপাৰা টাউন আৰক্ষী চকীৰ আৰক্ষী বিষয়া ভাৰ্গব বৰবৰাই লখিমপুৰ জিলাৰ বগীনদীত এক অভিযান চলাইছিল। কিন্তু উক্ত দিনা বনিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ১৫ আগষ্টৰ দিনা বনিয়াৰ দূৰ সম্পৰ্কীয় এগৰাকী মহিলাই কোনো পূজা-পাতলৰ কামত ব্যস্ত থকাৰ বাবে চিঞৰ-বাখৰ নকৰিবলৈ বুলি বনিয়াক কওঁতেই বনিয়াই চায়া দাসক এখন চোকা ডেগাৰে আক্ৰমণ কৰাত ঘটনাস্থলীতে চায়াই প্ৰাণ হেৰুৱা লগীয়া হয়।