NORTHEAST NOW (Assamese)
অসম

মোডীৰ বিৰুদ্ধে ফেচবুকত আপত্তিজনক মন্তব্য দি গ্ৰেপ্তাৰ শিক্ষক

Posted by: ছফিকুল আহমেদ Updated by: ছফিকুল আহমেদ October 30, 2018 10:05 am
123456-750x375

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কুকুৰৰ সৈতে তুলনা কৰি ফেচবুকত পোষ্ট দিয়াৰ পাছত আৰক্ষীৰ জালত পৰিছে গোৱালপাৰাৰ লক্ষীপুৰৰ আবু তালেব নামৰ এজন শিক্ষক।

জানিব পৰা মতে, যোৱা ২৭ অক্টোবৰত লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিন্দী শিক্ষকজনে ফেচবুকত লিখিছিল, ‘’প্ৰধানমন্ত্ৰী মোডীৰ ডিঙিত মালা পিন্ধোৱা বা বিজেপিক ভোট দিয়া আৰু কুকুৰৰ ডিঙিত মালা পিন্ধোৱা একেই কথা।‘’

দেশৰ প্ৰধানমন্ত্ৰীগৰাকী সন্দৰ্ভত এনে আপত্তিজনক মন্তব্য প্ৰকাশ কৰা শিক্ষকজনৰ ফেচবুক পোষ্টটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত বিজেপি কৰ্মীয়ে এই সন্দৰ্ভত লক্ষীপুৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আবু তালেব নামৰ শিক্ষকজনক গ্ৰেপ্তাৰ কৰে।

আবু তালেব নামৰ শিক্ষকজনে ফেচবুকত প্ৰধানমন্ত্ৰী আৰু বিজেপি সম্পৰ্কে লিখা পোষ্টটোক লৈ বিজেপিৰ জলেশ্বৰ মণ্ডলৰ সভাপতি ছাদ্দাম হুছেইন আৰু বিজেপি কৰ্মী শশীভূষণ ব্ৰহ্মই পৃথকে পৃথকে লক্ষীপুৰ থানাত শিক্ষকগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

ইপিনে, সোমবাৰে গোৱালপাৰা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে শিক্ষক আবু তালেবক তৎকালীনভাৱে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰিছে।

ইয়াৰ মাজতে গোৱালপাৰাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই সোমবাৰে নৰ্থইষ্ট নাওৰ আগত জনায় যে, ‘’ আমি অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তৱ্য দিয়াৰ বাবে ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছো।‘’

‘’অৱশ্যে, জেৰাৰ পাছত তেওঁক যাবলৈ অনুমতি দিয়া হৈছে। আমি আমাৰ অনুসন্ধান অব্যাহত ৰাখিছো আৰু দোষী সাৱ্যস্ত হ’লে গ্ৰেপ্তাৰ কৰা হ’ব,’’-আৰক্ষী অধীক্ষগৰাকীয়ে কয়।