NORTHEAST NOW (Assamese)
অসম

সুধাকণ্ঠৰ টালিগঞ্জ-কুঠৰীৰ বাসগৃহ সংৰক্ষণ কৰিব ৰাজ্য চৰকাৰে

Posted by: এন ই নাও নিউজ October 30, 2018 9:17 am
virendra-kumar-2

ৰাজ্য চৰকাৰে কলকাতাৰ টালিগঞ্জত থকা সুধাকণ্ঠ প্ৰয়াত ড০ ভূপেন হাজৰিকাৰ বাসগৃহটো ক্ৰয় কৰি সংৰক্ষণ কৰিবলৈ সিদ্ধান্ত লৈছে। সোমবাৰে দিচপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সিদ্ধান্ত অনুসৰি কলকাতাৰ টালিগঞ্জত থকা সুধাকণ্ঠৰ বাসগৃহটো ক্ৰয় কৰাৰ বাবে কেবিনেটে ১.৭০ কোটি টকা আবণ্টন দিয়ে। তদুপৰি গৃহটো ক্ৰয় কৰাৰ পাছত মেৰামতি তথা সংৰক্ষণৰ বাবে অতিৰিক্ত ২৫ লাখ টকাও ৰাজ্য চৰকাৰে আবণ্টন দিয়ে।

d978eir9ld
নগাঁৱৰ কুঠৰীত থকা সুধাকণ্ঠৰ বাসগৃহ পৰিদৰ্শনৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱাল। ফাইল ফটো

আনহাতে, টালিগঞ্জৰ লগতে নগাঁও জিলাৰ কুঠৰীত থকা সুধাকণ্ঠৰ বাসগৃহটোও বজাৰ মূল্যত ক্ৰয় কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ঘৰটোও ক্ৰয় কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব যাতে সুধাকণ্ঠৰ স্মৃতি যুগমীয়া হৈ থাকে।

সুধাকণ্ঠৰ এই দুয়োটা ঘৰ ক্ৰয় কৰি সংৰক্ষণৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে।

আনহাতে, সোমবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকখনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দলং নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা গড়কাপ্টানি বিভাগৰ মহাবীৰ চিলাৰায়-লাচিত সেতু নিৰ্মাণৰ বাবেও মুঠতে ৯৪৩ কোটি টকা আবণ্টনত অনুমোদন জনাইছে। তদুপৰি, ৰাজ্যৰ প্ৰতিখন নগৰ সমিতিৰ পথ নিৰ্মাণৰ বাবেও কেবিনেটে  ২০০ কোটি টকা আবণ্টনত অনুমোদন জনাইছে।