NORTHEAST NOW (Assamese)
অৰুণাচল

কয়লা: সোণোৱাললৈ আঙুলি প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ

Posted by: অভীক চক্ৰবৰ্তী Updated by: অভীক চক্ৰবৰ্তী November 26, 2019 8:16 pm
Gogoi accuses Assam CM Sonowal of being “involved” in coal syndicate

অসমত কয়লা চিণ্ডিকেটক লৈ বিৰোধী আৰু বিভিন্ন সংগঠনে চৰকাৰৰ ভূমিকাক প্ৰশ্ন কৰি অহাৰ মাজতে তৰুণ গগৈয়ে এই বিষয়ত মঙলবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আঙুলি তুলিছে।

ডিব্ৰুগড়ত এক সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীজনে পোনপটীয়াকৈ সোণোৱালৰ নাম লৈ কৈছে যে চৰকাৰৰ অৱগতি আৰু পৃষ্ঠপোষকতাত এই চিণ্ডিকেট চলি আছে।

“সৰ্বানন্দ সোণোৱাল চৰকাৰে অঞ্চলটোৰ কয়লা মাফিয়াসকলক পৃষ্ঠপোষকতা আগবঢ়াইছে।…সকলো জানিও মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নিমাতে আছে,” গগৈয়ে ৰাজীৱ ভৱনত সংবাদমেলত কয়।

ক’ল ইণ্ডিয়া লিমিটেদে সকলো কয়লা ৰে’লত পঠিয়াই বুলি উল্লেখ কৰি গগৈয়ে কয় যে তথাপি কয়লা ভৰ্তি শ শ ট্ৰাক তিনিচুকীয়াত প্ৰতিদিনাই চলি থাকে।

বিজেপি শাসনলৈ অহাৰ পিছৰ পৰাই অবৈধ কয়লা বেহা মুকলিকৈ চলি আছে, প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়।

“সকলো জানিও চৰকাৰখনে চোৰাং বেপাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই।”

গগৈয়ে লগতে কয় যে এই চিণ্ডিকেটত ক’ল ইণ্ডিয়াৰ বিষয়া আৰু তিনিচুকীয়াৰ কয়লা মাফিয়াৰ মাজত বুজাবুজি আছে।

আনহাতে, কয়লাৰ অবৈধ খননে প্ৰাকৃতিকভাৱে বৈচিত্ৰ্যময় অঞ্চলটোৰ পৰিৱেশৰ প্ৰতিও ভাবুকি আনিছে বুলি তেওঁ মন্তব্য কৰিছে।

“গোটেই অবৈধ কয়লা খনন প্ৰক্ৰিয়াটোৱে পৰিৱেশতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। দিহিং পাতকাই পাহাৰে ইয়াৰ ফলত তাৰ সেউজ পৰিৱেশ হেৰুৱাব লগা হৈছে,” গগৈৰ মত।

শেহতীয়াকৈ কংগ্ৰেছ সাংসদ, মাৰ্ঘেৰিটাৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুৎ বৰদলৈয়েও অভিযোগ কৰিছিল যে তিনিচুকীয়া জিলা প্ৰশাসন আৰু কয়লা মাফিয়াই পদ্ধতিগতভাৱে অৰণ্য ধ্বংস কৰিছে।

যোৱা তিনি বছৰত অসমত চাৰিৰ পৰা পাঁচ হাজাৰটা ৰেট-হ’ল মাইন সৃষ্টি হৈছে আৰু ১১খন সংৰক্ষিত বনাঞ্চল আৰু এখন বন্যপ্ৰাণী অভয়াৰণ্যত এইবোৰ বিয়পি আছে, বৰদলৈয়ে কৈছিল।

কয়লাৰ লগতে আন বিভিন্ন বিষয়তো গগৈয়ে সাধাৰণভাৱে দেশৰ বিজেপি শাসন আৰু বিশেষকৈ সোণোৱাল চৰকাৰক সমালোচনা কৰে।

দেশজুৰি এন আৰ চি কৰা হ’ব বুলি শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৰা ঘোষণাক সমালোচনা কৰি গগৈয়ে কয় যে ই গৈ এটা “বিগ জ’ক” হ’ব।

“দেশজোৰা এন আৰ চি হৈছে বিজেপিৰ বিফলতাৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰাই নিয়াৰ বাবে কেন্দ্ৰই সৃষ্টি কৰা ইছু,” গগৈয়ে কয়।

অসমৰ এন আৰ চিখন উন্নীতকৰণ কৰোতেই শুদ্ধকৈ নকৰা বাবে তেওঁ বিজেপি চৰকাৰক দোষাৰোপ কৰিছে।

অসমত পুনৰ এন আৰ চি উন্নীতকৰণ কৰাৰ সলনি, গগৈৰমতে, ভুল শুধৰোৱাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

বিজেপিয়ে শাসনলৈ অহাৰ বাবে ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ পালনত বিফল হৈছে, গগৈয়ে কয়।

“সমাজত ঢেৰ সমস্যা চলি আছে, কিন্তু মুখ্য মন্ত্ৰী ব্যস্ত আছে মেলা আৰু উৎসৱ পতাত। চৰকাৰে চাকৰি দিম বুলি কৈছিল, কিন্তু শাসনলৈ আহি চাকৰি দিয়াত বিফল হৈছে।”

গগৈৰমতে, সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুয়ো যিমান পাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সন্তুষ্ট কৰাত ব্যস্ত আছে।

কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন বিজেপি চৰকাৰে ধৰ্মৰ নামত মানুহক বিভাজিত কৰি সমাজত ভাঙোন আনিব খুজিছে বুলি উল্লেখ কৰি তেওঁ কয় নৰেন্দ্ৰ মোদী চৰকাৰে সংবিধানৰ ধৰ্মনিৰপেক্ষ গঠন ধ্বংস কৰিব খুজিছে।