NORTHEAST NOW (Assamese)

“ঘোষিত বিদেশী”, অৱসৰপ্ৰাপ্ত সেনা বিষয়া ছানাউল্লাৰ বিৰুদ্ধে গোচৰ দিয়াজনক গ্ৰেপ্তাৰ কৰিব লাগে : তৰুণ গগৈ

May 31, 2019 8:14 pm · কল্পজ্যোতি শইকীয়া
Updated: May 31, 2019 8:16 pm

“ঘোষিত বিদেশী” তথা বৰ্তমান গোৱালপাৰা ডিটেনশ্যন কেম্পত ৰখা তথা প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহৰ বিৰুদ্ধে গোচৰ দিয়াজনক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

শুকুৰবাৰে দিচপুৰস্থিত চৰকাৰী আৱাসত এখন সংবাদমেল সম্বোধন কৰাৰ সময়ত গগৈয়ে প্ৰসংগক্ৰমে এই দাবী কৰে।

উল্লেখযোগ্য যে বিদেশী ন্যায়াধিকৰণে “বিদেশী” ঘোষণা কৰাৰ পিছত যোৱা ২৯ মে’ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কাৰ্গিল যুদ্ধৰ সময়ত সেনা বিষয়া হিচাপে কৰ্মৰত মহম্মদ ছানাউল্লাহক।

গগৈৰ প্ৰশ্ন “কাৰ্গিল যুদ্ধ কৰা এজন সৈনিক, ৰাষ্ট্ৰপতিৰ সন্মান পাইছিল আৰু সীমা শাখাৰ উপ পৰিদৰ্শক। তেনে এজন প্ৰকৃত ভাৰতীয় লোকক যদি ডিটেনশ্যন কেম্পত থ’ব লগীয়া অৱস্থা হয়, তাতকৈ আৰু দুৰ্ভাগ্যজনক কি হ’ব পাৰে?”

“যিজনে গোচৰ দি অৱসৰপ্ৰাপ্ত সেনা বিষয়াজনক ডিটেনশ্যন কেম্পলৈ পঠালে, তেওঁকহে গ্ৰেপ্তাৰ কৰিব লাগে। বিষয়াজনে যদি কাৰ্গিল যুদ্ধ কৰাৰ এই চৰকাৰখনে জানে, তেন্তে কিয় তেওঁক লগে লগে মুকলি কৰি নিদিলে?”, গগৈৰ মন্তব্য।

ইপিনে, এই সমগ্ৰ ঘটনাৰ পাছতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত আশ্চৰ্য্য প্ৰকাশ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

“কিয় সৰ্বানন্দ সোণোৱাল নিমাত? সৈনিকজনৰ ক্ষেত্ৰত চৰকাৰে যিধৰণে তদন্ত কৰিব লাগিছিল কৰা নাই, ডাইৰেক্ট সুমুৱাই থৈ দিলে। তেওঁক মুকলি কৰি দিয়াটোৱে মই বিচাৰো”, গগৈৰ ভাষ্য।

প্ৰকৃত ভাৰতীয়কো বিদেশী সজাই হাৰাশাস্তি কৰিছে বুলি কৈ গগৈয়ে কয়,

“সৰভোগ সমষ্টিৰ অমৃত দাস নামৰ বেঙ্গলী হিন্দু লোকজনে ডিটেনশ্যন কেম্পত চুইচাইড কৰিছে। চামগুৰিৰো এজনে চুইচাইড কৰিছে। এনে ধৰণে যদি ভাৰতীয় নাগৰিকে চুইচাইড কৰিব লগীয়া হয়, এইখন কি ভাৰতবৰ্ষ হৈ আছে? পৃথিৱীত এনে উদাহৰণ নাই, য’ত নিজৰ দেশৰে নাগৰিকজনক জেইলত ভৰাই থৈ দিয়ে”, গগৈৰ মন্তব্য।

ইপিনে, এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালে প্ৰথম অৱস্থাত বিষয়টো গুৰুত্ব সহকাৰে লৈছিল যদিও বৰ্তমান তেওঁ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত একেবাৰে গুৰুত্ব নিদিয়া বুলিও গগৈয়ে কয়।

“এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ প্ৰথমতে যি চিৰিয়াছনেছ আছিল, বৰ্তমান নাই। যাৰ ফলত প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰিছে আৰু কিছুমান বিদেশীৰ নাম সোমাইছে। আগৰ পৰাই কৈ আহিছো এন আৰ চিখন ৱেইষ্ট পেপাৰ হ’বগৈ। উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দি থকাৰ পাছতো এওঁলোকে উচ্চতম ন্যায়ালয়কো কেয়াৰ কৰা নাই”, গগৈৰ মন্তব্য।

আনহাতে ‘অসমত কংগ্ৰেছ দুৰ্দশাত ভুগিছে নেকি’ বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, “সভাপতি ৰিপুণ বৰা নাথাকিলে কংগ্ৰেছ নাইকিয়া হ’ব নেকি? আগতে শৰৎ সিংহ নাইকিয়া হ’ল, ডি কে বৰুৱা নাইকিয়া হ’ল, কংগ্ৰেছ নাইকিয়া হৈ গ’ল নেকি? নেতা আহিব আৰু যাব।”

তাৎপৰ্য্যপূৰ্ণভাৱে গগৈয়ে আজি “কংগ্ৰেছত নতুন মুখ আনিব নোৱৰাৰ বাবে বিজেপি জয়ী হ’ল” বুলি অকপটে স্বীকাৰ কৰে।

“নতুন নেতা আনিব লাগিব। আমাৰ দিনত যিবোৰ নেতা আনিছিলো, সেইবোৰ এতিয়া বয়সীয়া হ’ল। এতিয়া ডেকা নেতা নায়েই, গতিকে নতুন ডেকা নেতা আনিব লাগিব”, গগৈয়ে কয়।

Related News