NORTHEAST NOW (Assamese)

ভূমি বিবাদক কেন্দ্ৰ কৰি গহপুৰত সংঘটিত ভয়ানক হত্যাকাণ্ড

July 24, 2024 9:28 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: July 24, 2024 8:33 am

মঙলবাৰে গহপুৰত সংঘটিত হৈছে এক ভয়ানক হত্যাকাণ্ড। ভূমি কেন্দ্ৰীয় বিবাদৰ বাবে এজন যুৱকে আন এজন যুৱকক হত্যা কৰিছে। হত্যা কৰাৰ পিছতেই পলায়ন কৰে হত্যাকাৰী যুৱকজনে।

বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ ঘগ্ৰা বস্তিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

তথ্য অনুসৰি ঘগ্ৰা বস্তি প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই অপৰাধ।

নিহত যুৱকজনৰ নাম ৰাধাকান্ত তাঁতী। খবৰ অনুসৰি প্ৰকাশ চেত্ৰী নামৰ এজন যুৱকে চোকা অস্ত্ৰৰে হানি ৰাধাকান্তক হত্যা কৰি পলায়ন কৰে।

এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পিছত অভিযুক্ত প্ৰকাশ চেত্ৰী পলায়ন কৰে। এই ঘটনাই সমাজখন স্তম্ভিত কৰি তুলিছে।

Related News