NORTHEAST NOW (Assamese)

গোলাঘাট জিলাত ক’ভিড সম্পৰ্কীয় নতুন নিৰ্দেশনা; ক’ত ক’ত দিলে ৰেহাই? ২৪ ঘণ্টাই থাকিব সান্ধ্য আইন

July 16, 2021 9:13 am · মীনাক্ষী ফুকন
Updated: July 16, 2021 11:29 am
ফাইল ফটো।

গোলাঘাট জিলাত ক’ভিড ১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে কেতবোৰ নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে।

সেই অনুসৰি জিলাখনত পূৰ্বৰ দৰেই ২৪ ঘণ্টাই সান্ধ্য আইন অব্যাহত থাকিব।

গেলামালৰ দোকান, ফল-মূল আৰু শাক-পাচলিৰ দোকান, পশু খাদ্য, হাঁহ-কুকুৰাৰ খাদ্য আৰু সাৰৰ দোকান দিনৰ ১ বজালৈকে খোলা ৰাখিব পাৰিব।

সকলো ধৰ্মীয় অনুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়-প্ৰতিষ্ঠান, ৰেষ্টুৰেণ্ট, ধাবা আৰু খাদ্য বিপনী, বিক্ৰী কেন্দ্ৰ, শ্ব’ ৰুম, মল আদি বন্ধ থাকিব।

শীতল ভঁৰালসমূহ কেৱল মেৰামতিৰ কামত দিনৰ ১ বজালৈকে খোলা ৰাখিব পাৰিব। ই-কমাৰ্চৰ গুদামসমূহ দিনৰ ৩ বজালৈকে খুলিব পাৰিব।

গেলামালৰ পাইকাৰী দোকান আৰু গুদামসমূহ দিনৰ ২ বজালৈকে খুলিব পাৰিব। ফাৰ্মাচী আৰু গাখীৰ বিক্ৰী কেন্দ্ৰসমূহ ২৪ ঘণ্টাই খোলা ৰাখিব পাৰিব।

এই নিৰ্দেশ ১৬ জুলাই পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ’ব। জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ মৃগেশ নাৰায়ণ বৰুৱাই জাৰি কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে এইসমূহৰ বাহিৰে অন্য নিৰ্দেশনাসমূহ যোৱা ৬জুলাইৰ নিৰ্দেশনামতেই বাহাল থাকিব।

আনহাতে, এই সময়ছোৱাত পেট্ৰল পাম্প, গেছ এজেঞ্চি, বেংক, চাহ বাগিচা আৰু অন্য জৰুৰী সেৱাসমূহ পূৰ্বৰ দৰে খোলা থাকিব। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই নিৰ্দেশনা বাহাল থাকিব ।

Related News