NORTHEAST NOW (Assamese)
অসম

ভুৱা তথ্য দাখিল! এইবাৰ ন্যায়ালয়ৰ ৰোষত পৰি বিপদত বিধায়ক ফণীভূষণ চৌধুৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2021 9:51 am
WhatsApp-Image-2020-04-04-at-11.43.49-AM-750x375

অগপৰ জ্যেষ্ঠ নেতা, প্রাক্তন মন্ত্রী তথা বঙাইগাঁওৰ বিধায়ক ফণীভূষণ চৌধুৰী এইবাৰ ন্যায়ালয়ৰ ৰোষত পৰিছে৷ নির্বাচন আয়োগত ভুৱা তথ্য দিয়াৰ অভিযোগত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিধায়কজনলৈ জাৰি কৰিছে কাৰণ দশোর্ৱাৰ জাননী।

নিৰ্বাচন আয়োগক ভুৱা তথ্য দিয়াৰ এক গোচৰত গুৱাহাটী উচচ ন্যায়ালয়ে  ফণীভূষণ চৌধুৰীক কিয় তেওঁৰ বিধায়ক পদ খাৰিজ কৰা নহ’ব, তাৰ উত্তৰ বিচাৰি কাৰণ দশোর্ৱাৰ জাননী জাৰি কৰিছে।

প্রায় দহ বছৰ পূর্বে কৃষক সন্মান নিধিৰ ধন আত্মসাৎ সন্দর্ভত বঙাইগাঁও থানাত বিধায়ক ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰ ৰুজু হৈছিল৷

বিধায়ক ফণীভূষণ চৌধুৰীৰ লগতে আন ৮জন লোকৰ বিৰুদ্ধেও এই গোচৰ ৰুজু হৈছিল৷ কিন্তু শেহতীয়া বিধানসভা নির্বাচনত নির্বাচন আয়োগত তেওঁ দাখিল কৰা শপতনামাত এই গোচৰটোৰ কথা তেওঁ উল্লেখ কৰা নাছিল।

ইয়াৰ দ্বাৰা তেওঁ তথ্য লুকুওৱাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

যোৱাটো নির্বাচনত চৌধুৰীয়ে নিৰ্বাচন আয়োগক ভুৱা শপতনামা দাখিল কৰি আইন উলংঘা কৰা সন্দৰ্ভত গুৱাহাটী উচচ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল প্ৰাক্তন আছু নেতা তথা বৰ্তমানৰ কংগ্রেছ নেতা শংকৰ প্রসাদ ৰায়৷

শংকৰ প্রসাদ ৰায়ে তৰা গোচৰৰ ভিত্তিত হোৱা শুনানিত বৃহস্পতিবাৰে ন্যায়ালয়খনে বিধায়কজনলৈ কাৰণ দশোর্ৱাৰ জাননী জাৰি কৰে৷

ন্যায়ালয়ে তেওঁৰ বিধায়ক পদ কি কাৰণে খাৰিজ কৰা নহ’ব তাৰ উত্তৰ দুসপ্তাহৰ ভিতৰত দিব লাগিব বিধায়ক ফণীভূষণ চৌধুৰীয়ে।

সেই অনুসৰি, কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ অহা ২৩ আগষ্টৰ ভিতৰত দিবলৈ বিধায়ক গৰাকীক আদালতে নির্দেশ দিছে।