NORTHEAST NOW (Assamese)
অসম

আছুৰ নেতাৰ ঠিকাদাৰক ধন দাবীৰ পাছতে ‘চান্দা সংস্কৃতি’ নিষিদ্ধ জিলা প্ৰশাসনৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 17, 2019 9:39 pm
Golaghat Money Collection

নুমলীগড় তেল শোধানাগাৰৰ এজন ঠিকাদাৰক ধন দাবী কৰা দুই আছু নেতাৰ টেলিফোনিক বাৰ্তালাপসহ নৰ্থ ইষ্ট নাওত যোৱা ১৪ নৱেম্বৰৰ দিনা এটা বাতৰি প্ৰকাশ হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে গোলাঘাট জিলা প্ৰশাসন।

১৫ নৱেম্বৰত গোলাঘাট জিলা দণ্ডাধীশ ধীৰেন হাজৰিকাই জিলাখনত ‘চান্দা সংস্কৃতি’ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰিছে।

জাননীখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে টকা-পইচা সংগ্ৰহ (চান্দা), অথবা দান-বৰঙনি, ৰাস্তাত বা ব্যক্তি, ব্যৱসায়ী বা কোনো কাৰ্য্যালয়ৰ পৰা কোনো সংগঠন অথবা ব্যক্তিয়ে ধন সংগ্ৰহ কৰা নিষিদ্ধ।

বিশেষ জৰুৰীকালীনভাৱে এই জাননী জাৰি কৰা হৈছে বুলি জাননীত উল্লেখ আছে তথা তৎকালীনভাৱে কাৰ্য্যকৰী কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।

এই নিৰ্দেশনা ভংগ কৰাজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ নং ধাৰাত আইনী শাস্তি প্ৰদান কৰা হ’ব বুলিও জাননীত উল্লেখ।

উল্লেখযোগ্য যে, আছুৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন আৰু গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰিন্স দলে আৰু আঞ্চলিক সাধাৰণ সম্পাদক চম্পক বৰাই ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠিত কৰাৰ বাবে টেলিফোনত নুমলীগড় তেল শোধানাগাৰৰ ঠিকাদাৰ চাহানুৰ আহমেদক ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

এই সম্পৰ্কীয় এটা টেলিফোনিক বাৰ্তালাপো ৰাজহুৱা হৈছিল, যিটোৰ সৈতে নৰ্থ-ইষ্ট নাওত বাতৰি পৰিৱেশিত হৈছিল।

ধন দাবীৰ পিছত চাহানুৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰিন্স দলে আৰু আঞ্চলিকৰ সাধাৰণ সম্পাদক চম্পক বৰাৰ বিৰুদ্ধে ধন দাবী কৰাৰ অভিযোগ তুলি গোলাঘাট সদৰ থানাত এজাহাৰ দিছিল।

তেওঁৰ এজাহাৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে ১১ নবেম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩৮৫ ধাৰাত ১১১২/১৯ নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত অৱ্যাহত ৰখা বুলি জানিব পৰা গৈছে।