NORTHEAST NOW (Assamese)

কমাৰবন্ধা-বকলাইত ভ্ৰাম্যমাণ বাহনেৰে গীত-নৃত্যৰ মাধ্যমেৰে ভোটাৰ সজাগতা অভিযান

February 23, 2021 12:19 pm · মীনাক্ষী ফুকন
ফটো: নৰ্থইষ্ট নাও।

গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনৰ গোলাঘাট বিধানসভা সমষ্টিৰ কমাৰবন্ধা আৰু বকলাইৰ বিভিন্ন স্থানত সোমবাৰে  জিলা নিৰ্বাচন শাখাৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়।

নিৰ্বাচন আয়োগৰ Systematic Voters Education & Electoral Participation চমুকৈ SVEEP ৰ অধীনত ভোটদাতাসকলক সজাগ কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ন কৰা হয়।

এখন ভ্ৰাম্যমাণ বাহনেৰে গীত-নৃত্যৰ মাধ্যমেৰে ভোটদাতা ৰাইজক সজাগ কৰাৰ প্ৰয়াস চলোৱা হয়। ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ বাবে এটি গীতো মুকলি কৰা হয়।

অহিৰ ভৈৰৱৰ সংগীত পৰিচালনাৰে “ভোট দিয়া হে” গীতটিৰ সুৰ দিয়াৰ লগতে কণ্ঠদান কৰিছে ডঃ মানস প্ৰতিম দাসে ।

সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে গামখাৰু বিহু দলে বিভিন্ন স্থানত বিহু নৃত্য প্ৰদৰ্শন কৰি ভোটদাতাসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস চলায়।

বিভিন্ন স্থানত ভোটদাতাসকলৰ মনৰ ভাৱ বুজাৰ বাবে তেওঁলোকৰ মাজত নিৰ্বাচনী বিষয়াৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত ভোটদান সম্পৰ্কীয় কেতবোৰ প্ৰশ্নাৱলী সম্বলিত পত্ৰও বিতৰণ কৰা হয়।

উল্লেখযোগ্য যে আসন্ন বিধানসভা নিৰ্বাচনত গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনৰ কেতবোৰ ঠাইত ভোটদাতাৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

Related News