NORTHEAST NOW (Assamese)

গোলাঘাট আৰক্ষীৰ অভিযান; তিতাবৰত উদ্ধাৰ বিষ্ণু মূৰ্তি, হাতী দাঁত

June 1, 2019 10:41 pm · ৰিতুপল্লৱ শইকীয়া

গোলাঘাট আৰক্ষীয়ে আজি তিতাবৰত এক অভিযান চলাই এটা বিষ্ণু ধাতুৰ মূৰ্তি আৰু হাতীৰ দাঁত উদ্ধাৰ কৰাৰ লগতে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য অনুসৰি এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে তিতাবৰ আৰক্ষী থানাৰ অন্তৰ্গত মাটিখোলা গাঁৱত অভিযান চলাই উক্ত সামগ্ৰী দুবিধ উদ্ধাৰ কৰে।

মাটিখোলা গাঁৱৰ বাসিন্দা বলু শইকীয়াই (৩৫) নামৰ ব্যক্তিজনে তেওঁৰ বাসগৃহত ৩.৫৭৫ কেজি ওজনৰ ধাতুৰ মূৰ্তি আৰু ২.৮০ কেজিৰ হাতীৰ দাঁতটো লুকুৱাই ৰাখিছিল।

এই কথা গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ আধাৰত জানিব পাৰি আজি অভিযান চলাই। আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰা মূৰ্তিটো সোণৰ বুলি অনুমান কৰিছে যদিও ইয়াৰ পৰীক্ষাৰ পিছতহে নিশ্চিত হ’ব পাৰিব বুলি উল্লেখ কৰিছে।

উল্লেখযোগ্য যে যোৱা মে’ মাহত নলবাৰীত অভিযান চলাই উগ্ৰতাৰা দেৱালয়ৰ বিগ্ৰহ উদ্ধাৰ কৰাৰ পিছতে আজি পুনৰ তিতাবৰত আৰক্ষীৰ অভিযানত এটা বিষ্ণু ধাতুৰ মূৰ্তি আৰু হাতীৰ দাঁত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related News