NORTHEAST NOW (Assamese)
অসম

নিশা গোলাঘাট আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান; উদ্ধাৰ হৈছে ১০ গ্ৰাম হেৰ’ইন

Posted by: মীনাক্ষী ফুকন, গোলাঘাট Updated by: মীনাক্ষী ফুকন, গোলাঘাট September 18, 2021 8:40 am
IMG_20210918_081822

গোলাঘাট নগৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতে শুকুৰবাৰে নিশা পুনৰ উদ্ধাৰ হৈছে নিষিদ্ধ ড্ৰাগছ।

এক গোপন সূত্ৰৰ পম খেদি গোলাঘাট নগৰৰ শান্তিপুৰৰ ৰিতু আহমেদৰ ঘৰত বাসগৃহত আৰক্ষীয়ে অভিযান চলাওতে উদ্ধাৰ হৈছে এই ১০ গ্ৰাম হেৰইন।

গোলাঘাট জিলা উপ আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত আৰু গোলাঘাট সদৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক বিজু বড়োৱে চলাইছিল এই অভিযান।

অভিযানত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী ৰিতু আহমেদৰ বাসগৃহৰ পৰা ১০ গ্ৰাম হেৰইন উদ্ধাৰ কৰিব সক্ষম হয়।

উল্লেখযোগ্য যে ৰিতু আহমেদ আৰু তেওঁৰ ভাতৃ ডিম্পু আহমেদ দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায় লগত জড়িত থকাৰ অভিযোগ আছিল।

পূৰ্বে বহুবাৰ ডিম্পু আহমেদক ড্ৰাগছৰ ব্যৱসায় ক্ষেত্ৰত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

নিশা আৰক্ষীয়ে এই নিষিদ্ধ  ড্ৰাগছ উদ্ধাৰ কৰে যদিও  ৰিতু আহমেদ আৰু ডিম্পু আহমেদ পলাতক অৱস্থাত আছে।

উল্লেখযোগ্য যে অভিযান কালত ৰিতু আহমেদৰ পিতৃয়ে এই সমগ্র বিষয়টোৰ সন্দৰ্ভত  সাংবাদিকক বাধা প্ৰদান কৰিছিল। তেনেক্ষেত্ৰত পিতৃ তথা পৰিয়ালৰ লোকে পুত্ৰদ্বয়ৰ এই  নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ৰ কথা পূৰ্বৰে পৰা জনা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।