NORTHEAST NOW (Assamese)
Popular Stories

গৰমৰ দিনকেইটাত শৰীৰত কি সানিব-কি পিন্ধিব? খাব কি? জানিবলৈ এবাৰ নিশ্চয় পঢ়ি চাওক

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী July 20, 2022 2:25 pm
Special tips for summer season

গৰমৰ দিনকেইটা সকলো মানুহৰ কাৰণে অতি আমনিদায়ক। এইখিনি সময়ত খোৱা-লোৱাৰ পৰা পিন্ধা-উৰালৈকে সকলো ফালৰ পৰা যত্ন ল’ব লাগে। এই গৰম দিনকেইটা কেনেকৈনো কষ্টৰ পৰা ৰেহাই পাব পাৰি তাৰে কিছু আলোচনা কৰোঁহক।

খোৱা-বোৱা:-

গৰমৰ দিনত পানী বেছি পৰিমাণৰ নাখালেই নচলে, কাৰণ গৰমত মানুহৰ গাৰ পৰা বহুত পৰিমাণৰ ঘাম নিগৰে। আমি যদি পানী পৰ্যাপ্ত পৰিমাণৰ নাখাওঁ তেতিয়া ডিহাইড্ৰেছন হোৱাৰ ভয় থাকে।

পানী য’ৰে-ত’ৰে খোৱা উচিত নহয়। সদায় বিশুদ্ধ পানী খাব লাগে। কামৰ তাগিদাত অ’ত-ত’ত যাব লগা হ’লে সদায় ঘৰৰ পৰা খোৱা পানীৰ বটল লৈ যাব লাগে। গৰমত গ্লুক’জ মিহলি পানী খালে ভাল।

গৰমৰ দিনত ঘৰৰ বাহিৰৰ পৰা আহিয়েই ফ্ৰিজৰ পানী খাব নালাগে। গৰমৰ দিনত নেমু চৰবত মানুহৰ দেহৰ কাৰণে অতি উপকাৰী, সেই কাৰণে নেমুৰ চৰবত খোৱাৰ উপৰিও বতৰৰ সতেজ ফল-মূল খাব লাগে।

তৰমুজ, ডাব নাৰিকলৰ পানী, তিয়ঁহ, দৈ, কুহিয়াৰৰ ৰস আদি যথেষ্ট পৰিমাণে খাব লাগে। গৰমত বেছি মছলাযুক্ত আহাৰ খাব নালাগে লগতে ৰেডমিট নাখালেই ভাল।

 

গৰমৰ দিনত শৰীৰত কি সানিব জানেনে?

 

গৰমৰ দিনত শীতকালৰ দৰে মুখত প্ৰসাধন কৰিব নোৱাৰি, কিয়নো মুখত বাৰে বাৰে ঘাম ওলাই থাকে, আৰু মুখখন মচি থাকিব লগা হয়। সেই কাৰণে প্ৰসাধন কৰাৰ আগতে মুখখন বৰফৰ পানীৰে ধুই লৈ প্ৰসাধন কৰিব লাগে।

যিসকলৰ মুখৰ ছাল তেলেতীয়া তেওঁলোকে গৰমৰ দিনত বাহিৰলৈ ওলালে বেছি সচেতন হ’ব লাগে। নহ’লে ছালত নানা ধৰণৰ এলাৰ্জি, ব্ৰ’ণ আদি হ’ব পাৰে। ইয়াৰ পৰা বাচি থাকিবলৈ গোলাপ জল মুখত লগাব লাগে তথা চাবোনৰ পৰিৱৰ্তে ‘অইল ফ্ৰি ফেচৱাছ’ লগাই মুখখন ধুব লাগে।

মুখত ক্ৰিম লগাওতে বিবেচনা কৰিহে লগাব লাগে। যিকোনো প্ৰয়োজন নোহোৱা প্ৰসাধন কৰিব নালাগে। গৰমত পাতল মেক্আপ কৰিব লাগে।

পাতলীয়া পাউদাৰ, পাতল ৰঙৰ লিপষ্টিক, সামান্য কাজল লগাব পাৰে। গৰমৰ দিনত ক’ৰবালৈ গ’লে সদায় কমপেক্ট পাউদাৰ বেগত লৈ যাব লাগে। কমপেক্ট পাউদাৰে মানুহৰ মুখত সতেজতা আনি দিয়ে।

 

গৰমৰ দিনত কাপোৰক লৈ বৰ সমস্যা হয় নহয় জানো? কেনেকোৱা ধৰণৰ কাপোৰ পিন্ধিলে ভাল জানেনে?

 

গৰমৰ দিনত সদায় ঢিলা আৰামদায়ক পাতল ৰঙৰ পোছাক পিন্ধিব লাগে। কপাহী কাপোৰে আমাৰ শৰীৰৰ পৰা নিগৰা ঘাম টুকি লয়। গৰমৰ দিনত সুন্দৰ ডিজাইন কৰা কপাহী শাৰী বা মেখেলা-চাদৰ পিন্ধিব পাৰে।

যিসকলে পশ্চিমীয়া বা বিভিন্ন মেটেৰিয়েলৰ পোছাক পিন্ধিব বিচাৰে তেওঁলোকে শ্লিভলেছ শ্বৰ্ট স্পাগেটি টপ পিন্ধিব পাৰে, নহ’লে জিনছ পেন্ট বা থ্ৰি কোৱাৰ্টাৰ্ছৰ লগত খাদী কাপোৰৰ টপ পাঞ্জাৱীও পিন্ধিব পাৰে। ই গৰমত যথেষ্ট আৰাম দিয়ে।

 

আজিকালি বজাৰত বিভিন্ন প্ৰদেশৰ কপাহী কাপোৰৰ চুৰিদাৰ, নতুন ডিজাইন কৰা ধুনীয়া ধুনীয়া কাপোৰ পোৱা যায়। সেইবোৰ কাপোৰেও গৰমৰ দিনকেইটা সুকলমে পাৰ কৰাত সহায় কৰে।