NORTHEAST NOW (Assamese)

হেৰুৱা বা চুৰি মোবাইল উদ্ধাৰৰ বাবে গোলাঘাট আৰক্ষীৰ বিশেষ পদক্ষেপ

June 15, 2019 10:59 pm · ঋতুপল্লব শইকীয়া

বৰ্তমান সময়ত আমাৰ দৈনন্দিন জীৱনত মোবাইলৰ প্ৰয়োজনিয়তা কিমান তাক সুকীয়াকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই। এনে অৱস্থাত হঠাৎ মোবাইলটো হেৰালে বা চুৰি হ’লে কিমান অসুবিধাৰ সৃষ্টি হয় সেইয়া প্ৰত্যেকেই অনুধাৱন কৰিব পাৰে।

আনহাতে বহুসময়ত দেখা যায় যে কোনো ব্যক্তিৰ মোবাইল ফোনটো হেৰালে বা চুৰি হলে আৰক্ষীক জনোৱাৰ পাছতো তেনেই নগন্য সংখ্যক মোবাইলহে আৰক্ষীয়ে উদ্ধাৰ কৰিব পাৰে। অৰ্থাৎ এবাৰ আপোনাৰ হাতৰ পৰা মোবাইলটো হেৰালে তাক যে আপুনি উদ্ধাৰ কৰিব পাৰিব তাৰ সম্ভাৱনা খুবেই খীণ।

কিন্তু এনে পৰিস্থিতিত তাৎক্ষণিক আৰু ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে গোলাঘাট আৰক্ষীয়ে শেহতীয়াকৈ আৰম্ভ কৰিছে এক অনলাইন হেল্পডেস্ক সেৱা। জিলাখনৰ জনসাধাৰণৰ মোবাইল হেৰুৱা বা চুৰি হ’লে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ বাবে গোলাঘাট আৰক্ষীৰ ফেচবুক পেজত এক QR code  মুকলি কৰিছে।

এতিয়াৰ পৰা কোনো ব্যক্তিৰ মোবাইল হেণ্ডচেত হেৰালে অথবা চুৰি হলে উক্ত QR codeত গৈ জনাব পাৰিব। উক্ত লিংক খোলাৰ লগে লগে এখন অনলাইন ফৰ্ম ওলাব আৰু সেই ফৰ্মত ভুক্তভোগীয়ে তেওঁৰ নাম ঠিকনাৰ লগতে হেণ্ডচেটৰ আই এম ই আই নম্বৰ, কত, কিমান তাৰিখে হেৰালে সকলো তথ্য উল্লেখ কৰিব লাগিব। ফৰ্ম পূৰণৰ পাছতে আৰক্ষীয়ে ফোনটোৰ ট্ৰেকিং কৰি  সন্ধান উলিওৱাৰ ব্যৱস্থা কৰিব।

গোলাঘাট আৰক্ষীৰ এই ব্যৱস্থা সন্দৰ্ভত উল্লেখ কৰি উপ আৰক্ষী অধীক্ষক পার্থ প্ৰতিম শইকীয়াই কয় যে মোবাইল হেৰুৱা বা চুৰি হোৱাৰ দৰে ঘটনাৰ ক্ষেত্ৰত সময় বৰ মূল্যবান হৈ পৰে। এনে ঘটনাত এটা ভাল ফলাফলৰ বাবে অভিযোগবোৰ যিমান সোনকালে লাভ কৰা হয় সিমান ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিব পাৰি।

কিন্তু বহু সময়ত আৰক্ষীক জনোৱাত পলম হোৱাৰ বাবে,তথ্যৰ অভাৱৰ বাবে হেণ্ডচটসমূহৰ ট্ৰেকিং আৰু উদ্ধাৰ কাৰ্যত বিফল হব লগা হয়। এনে দিশসমূহ চালি জাৰি চাই গোলাঘাট আৰক্ষীয়ে উক্ত অনলাইন সেৱা আৰম্ভ কৰা বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে উক্ত সেৱা আৰম্ভৰ ২৪ ঘণ্টাৰ ভিতৰত ইয়াৰ লিংকটো ৫০০ বাৰতকৈ অধিক শ্বেয়াৰ হৈছে। গতিকে আৰক্ষীৰ উক্ত পদক্ষেপে গোলাঘাটবাসীক উপকৃত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

Related News