NORTHEAST NOW (Assamese)

শিক্ষাবিদ, সমাজকৰ্মী, অভিনেতা গোলাপ গগৈৰ আকস্মিক বিয়োগত শোকস্তব্ধ জাঁজী

January 18, 2019 10:57 pm · ৰাজীৱ দত্ত
গোলাপ গগৈ। ছবি- নৰ্থ ইষ্ট নাও।

শিৱসাগৰ জিলাৰ চামগুৰি জেহেনীয়া গাওঁ নিবাসী বিশিষ্ট সমাজকৰ্মী তথা জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজীৰ বিষয় শিক্ষক গোলাপ গগৈৰ শুকুৰবাৰে পুৱা ৭-২৫ বজাত উচ্চ ৰক্তচাপজনিত কাৰণত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে৷

প্ৰয়াত কুশৰাম গগৈৰ পুত্ৰ, ১৯৫৯ চনত জন্ম গ্ৰহন কৰা গোলাপ গগৈ বাল্য কালৰে পৰা অতি মেধাৱী আছিল৷ চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত সুখ্যাতিৰে হাইস্কুলীয়া শিক্ষা সাং কৰি তেওঁ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক শাখাত উত্তীৰ্ণ হয়৷ ইয়াৰ পাছতে গগৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় বায়ু সেনা বাহিনীত অন্তৰ্ভুক্ত হয়৷

বায়ুসেনাত কৰ্মৰত অৱস্হাতে তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ সেনাবাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁলৈ তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ পৰা লোভনীয় চাকৰিৰ প্ৰস্তাৱ আহিছিল যদিও শিক্ষা প্ৰসাৰৰ কামত জড়িত হ’বৰ বাবে তেওঁ খনামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আমন্ত্ৰণমৰ্মে ইংৰাজীৰ শিক্ষক হিচাপে যোগদান কৰে৷

ভাৰতীয় জীৱন বীমা নিগমৰ আমন্ত্ৰণমৰ্মে কিছুদিন তাতো সেৱা আগবঢ়োৱাৰ পাছত ১৯৯৩ চনত জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্হায়ীভাৱে ইংৰাজীৰ বিষয় শিক্ষক হিচাপে যোগদান কৰে৷

বিভিন্ন সামাজিক কামৰ লগত বহুলভাৱে জড়িত গগৈৰ অৱসৰলৈ আৰু মাত্ৰ এটা বছৰহে আছিল৷ শুকুৰবাৰে পুৱা তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্হিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  সমূহ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে জাঁজীৰ আটাইকেইখন শিক্ষানুষ্ঠান, চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে অঞ্চলটোৰ আটাইকেইখন শিক্ষানুষ্ঠান, জাঁজী প্ৰেছ ক্লাব, জাঁজী শাখা সাহিত্য সভা, লেখিকা সংস্হা, কবি সন্মিলন, ফুলপানীছিগা আঞ্চলিক ৰাসোৎসৱ কলা কৃষ্টি কেন্দ্ৰ, ফুলপানীছিগা আঞ্চলিক পুথি ভঁৰাল আৰু যুৱ কেন্দ্ৰৰ উপৰিও আমগুৰিৰ  বিভিন্ন শিক্ষানুষ্ঠান তথা অনুষ্ঠান প্ৰতিষ্ঠান আৰু সংবাদ সংস্হাসমূহ, আছু, কৃষক মুক্তি, তাই-আহোম ছাত্ৰ সন্হা, তাই-আহোম যুৱ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চকে আদি কৰি বিভিন্ন জাতীয়তাবাদী সংগঠনে প্ৰয়াত শিক্ষাবিদ জনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুজন পুত্ৰ এৰি থৈ গৈছে৷

Related News