NORTHEAST NOW (Assamese)
Popular Stories

অভিনৱ কায়দাৰে শুৱালকুছিৰ মহিলাৰ পৰা প্ৰবঞ্চকে লুটিলে সোণৰ চেইন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 1, 2021 4:36 pm
Robbed in Assam

সাৱধান হওক। প্ৰবঞ্চকে পিয়া পি দি ফুৰিছে আপোনাৰ আশে-পাশে।

চিনেমাৰ কাইদাৰে শুৱালকুছিৰ মহিলাৰ পৰা সোণৰ চেইন লুটিলে প্ৰবঞ্চকে। চকুৰ সন্মুখতে আঢ়ৈ তোলা ওজনৰ সোণৰ চেইন লৈ উধাও হ’ল প্ৰবঞ্চক।

পূব শুৱালকুছিৰ কল্যানী দেৱী নামৰ এগৰাকী মহিলাৰ পৰা লুটিলে চেইন। প্ৰথমে মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি দুজন যুৱকে কাহ পিতলৰ বাচন চাফা কৰা কৰ্মী হিচাপে চিনাকী দিয়ে।

দুই-এপদ কাঁহৰ বাচন চাফা কৰাৰ পিছত প্ৰবঞ্চক দুজনে কল্যাণী দেৱীয়ে ডিঙিত পৰিধান কৰি থকা সোণৰ চেইন ডাল চাফা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

চকুৰ সন্মুখতে বাচন চাফা কৰাৰ প্ৰমাণ দেখি মহিলা গৰাকীয়ে কোনো সন্দেহ নকৰাকৈয়ে সোণৰ চেইন ডাল চাফা কৰিবলৈ দিয়ে।

কিছু সময় পিছত দুই প্ৰবঞ্চকে মহিলা গৰাকীক এটা টোপোলা দিয়ে আৰু ১০ মিনিট পাছত টোপোলাটো খুলিবলৈ পৰামৰ্শ দিয়ে আৰু মহিলা গৰাকীৰ ঘৰৰ পৰা উধাও হয়।

কিন্তু ১০ মিনিট পাছত পেকেট খুলি হতবাক হৈ পৰে কল্যাণী দেৱী। পেকেটৰ ভিতৰত কেৱল শিল গুটি আৰু শিলৰ গুৰিহে দেখি হতভম্ব হৈ পৰে মহিলা গৰাকী।

ঘটনা সন্দৰ্ভত মহিলা গৰাকীয়ে বৰ্তমানলৈকে আৰক্ষীৰ কাষ চপা নাই যদিও শীঘ্ৰেই আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হ’ব বুলি জানিবলৈ দিয়ে।