NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বকাপত পৰাস্ত হোৱাৰ পিছত কোন ‘ঘনিষ্ঠ মানুহ’ক পাত্তা নিদিলে বিৰাটে? চাওঁক ভাইৰেল ভিডিঅ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 21, 2023 12:36 pm

সদ্য সমাপ্ত এদিনীয়া বিশ্বকাপত তেওঁ বেটেৰে সৰ্বাধিক ৰান সংগ্ৰহ কৰে। স্বাভাৱিকতে হ’ল ‘মেন অৱ দ্য টুৰ্ণামেণ্ট’। অৱশ্যে বঁটা গ্ৰহণ কৰিবলৈ অহাৰ সময়ত বিৰাট কোহলীয়ে ‘ঘনিষ্ঠ মানুহ’ ৰবি শাস্ত্ৰীক পাত্তাই নিদিলে। বঁটা লৈ ড্ৰেছিং ৰুমৰ ফালে খোজ দিলে টীম ইণ্ডিয়াৰ ছুপাৰষ্টাৰগৰাকীয়ে। ছ’চিয়েল মিডিয়াৰ যুগত সেই ভিডিঅ’ ভাইৰেল হ’বলৈ বেছি সময় নালাগিল।

দৰাচলতে ভাৰতীয় দলটোৱে ফেভাৰিট হিচাপে ঘৰুৱা খেলপথাৰত নামিছিল। কিন্তু বেটিং বিফলতা আৰু বলাৰসকলে চাপ ধৰি ৰাখিব নোৱাৰাৰ বাবে ৬ উইকেটত পৰাস্ত হয় টীম ইণ্ডিয়া। আৰু সেইবাবেই তেওঁ বঁটা লাভ কৰাৰ পিছত মডাৰেটৰৰ লগত কথা পাতিবলৈ মান্তি হোৱা নাছিল। হাত দেখুৱাই গুচি যায়। বিশ্বকাপত পৰাস্ত হোৱাৰ পিছত বিৰাটৰ অন্তৰ গধুৰ হৈ পৰিছিল। তেওঁৰ দলৰ পৰাজয়ৰ কথা ক’ব পৰা অৱস্থাত নাছিল।

ফাইনেলত তেওঁৰ অৱদান আছিল ৫৪ ৰান। মেচৰ শেষতো পেট কামিন্সৰ বলত তেওঁ যিদৰে আউট হৈছিল সেইটো মানি ল’ব পৰা নাছিল। ইয়াৰ লগতে যোগ হ’ল পৰাজয়। আৰু সেইবাবেই বঁটা গ্ৰহণ কৰাৰ সময়ত বিৰাটে ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষকগৰাকীক এৰাই চলিছিল। দেওবাৰে সেই ঘটনাৰ সাক্ষী আছিল আহমেদাবাদ। বিৰাটে শাস্ত্ৰীলৈ হাত জোকাৰি বুজাই দিলে যে তেওঁৰ কথা কোৱাৰ কোনো মুড নাই।

বিচিআইৰ সভাপতি ৰজাৰ বিনিয়ে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিৰাটক সন্মান প্ৰদান কৰে। বঁটা লৈ ওলাই যাওঁতে শাস্ত্ৰীয়ে তেওঁক কিবা এটা ক’বলৈ মাতিলে। কিন্তু সেই সময়ত তেওঁ একো ক’ব পৰা অৱস্থাত নাছিল। গতিকে বিৰাটে হাতখন জোকাৰি বুজাই দিলে যে তেওঁৰ আৰু ক’বলগীয়া একো নাই।

২০১১ চনত মহেন্দ্ৰ সিং ধোনীৰ বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য আছিল বিৰাট। ২০১৫ চনত ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হৈ ধোনিৰ দলটো বাহিৰ হৈ যায়। ইয়াৰ পিছত ২০১৯ চনত বিৰাটৰ নেতৃত্বত ছেমি ফাইনেলত পৰাস্ত হৈছিল ভাৰত। সেইবাৰ নিউজিলেণ্ডৰ বিৰুদ্ধে আছিল। আৰু এইবাৰ কাপটো একেবাৰে ওচৰলৈ আহিও গুচি গ’ল। সেয়ে স্বপ্নভংগৰ লগে লগে মনে মনে খেলপথাৰ এৰি গুচি গ’ল।

তেওঁৰ ভাগ্যও শচীন তেণ্ডুলকাৰৰ দৰেই হ’ল। ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ১২৫ ৰানত পৰাস্ত হৈছিল সৌৰভ গাংগুলীৰ ইণ্ডিয়া। অৱশ্যে সেইবাৰ মাষ্টাৰ ব্লাষ্টাৰে ১১খন মেচত সৰ্বাধিক ৬৭৩ ৰান সংগ্ৰহ কৰে। ‘মেন অৱ দ্য টুৰ্ণামেণ্ট’ হয় শচীন। কিন্তু তেওঁ বিশ্বকাপ জয়ৰ সোৱাদ নাপালে। এইবাৰো বিৰাটৰ ক্ষেত্ৰতো একেই অৱস্থা হ’ল। ১১খন মেচত সৰ্বাধিক ৭৬৫ ৰান সংগ্ৰহ কৰি শ্ৰেষ্ঠ ক্ৰিকেটাৰ বঁটা লাভ কৰিও বিৰাটৰ বিশ্ব জয়ৰ সপোন অসম্পূৰ্ণ হৈ থাকিল।