NORTHEAST NOW (Assamese)
Popular Stories

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 27, 2023 2:14 pm

ইজিপ্তৰ পুৰাতত্ত্ববিদসকলে কৈছে যে তেওঁলোকে এটা কফিনৰ ভিতৰৰ পৰা সোণেৰে মেৰিয়াই থোৱা এটা মানৱ মমি বিচাৰি পাইছে। কফিনটো বৃহস্পতিবাৰে ইজিপ্তৰ এটা প্ৰাচীন সমাধিক্ষেত্ৰত পোৱা গৈছে। কফিনটো ৪,৩০০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে খোলা হৈছে। বিবিচিয়ে এই বাতৰি প্ৰকাশ কৰিছে।

যিজন লোকৰ মমি উদ্ধাৰ হৈছে তাৰ নাম হেকাচেপেচ। এইটো ধাৰণা কৰা হৈছে যে এই মমিটো এতিয়ালৈকে ইজিপ্তৰ ৰাজপৰিয়ালৰ বাহিৰত পোৱা সকলো মমিৰ ভিতৰত আটাইতকৈ পুৰণি আৰু পৰিপূৰ্ণ।

মমি ৰখা কফিনটো দক্ষিণ কায়ৰোৰ চাকাৰা সমাধিক্ষেত্ৰৰ এটা সমাধিত পোৱা গৈছে। বৃহস্পতিবাৰে প্ৰাচীন সমাধিক্ষেত্ৰত আৰু তিনিটা কবৰত মমি পোৱা গৈছে। এই প্ৰাচীন সমাধিত পোৱা আটাইতকৈ ডাঙৰ মমিটো হৈছে খুনুমদজেদেৱ নামৰ এজন যাজকৰ।

আন এটা মমি মেৰী নামৰ এজন ব্যক্তিৰ। তেওঁ ৰাজকীয় প্ৰাসাদৰ এগৰাকী জ্যেষ্ঠ বিষয়া আছিল। তেওঁৰ উপাধি আছিল ‘চিক্ৰেট কিপাৰ’। এই উপাধিৰ বাবে তেওঁ বিশেষ ধৰ্ম্মীয় ৰীতি-নীতিসমূহ পৰিচালনা কৰিব পাৰিছিল।

ধাৰণা কৰা মতে আনটো কবৰত ফেটেক নামৰ এজন বিচাৰক আৰু লেখকক সমাধিস্থ কৰা হৈছিল। কবৰত এটা ভাস্কৰ্যও পোৱা গৈছে। এইটো সমাধিক্ষেত্ৰত পোৱা আটাইতকৈ ডাঙৰ ভাস্কৰ্য বুলি অনুমান কৰা হয়। কবৰবোৰত মাটিৰ পাত্ৰকে ধৰি আন বিভিন্ন সামগ্ৰী পোৱা গৈএ।

ইজিপ্তৰ পুৰাতত্ব বিভাগৰ প্ৰাক্তন মন্ত্ৰী আৰু পুৰাতত্ত্ববিদ জাহি হাৱাছে কৈছে যে উদ্ধাৰ হোৱা সামগ্ৰীবোৰ খ্ৰীষ্টপূৰ্ব ২৫ শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব ২২ শতিকা পুৰণি।

চাকাৰা হৈছে ৩,০০ বছৰতকৈও অধিক পুৰণি এক সমাধিক্ষেত্ৰ। ইউনেস্কো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃত এই কবৰস্থানটো এতিয়াও ব্যৱহাৰ হৈ আছে।

বহু বছৰ ধৰি ইজিপ্তে দেশখনৰ পৰ্যটন উদ্যোগক পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰি আহিছে। ইয়াৰ অংশ হিচাপে শেহতীয়া বছৰবোৰত ডাঙৰ ডাঙৰ পুৰাতাত্ত্বিক আৱিষ্কাৰসমূহ ঘটিছে।

গ্ৰেণ্ড ইজিপ্তিয়ান মিউজিয়াম এই বছৰ মুকলি হ’ব। ইজিপ্ত চৰকাৰে আশা কৰিছে যে সংগ্ৰহালয়টোৱে ২০২৮ চনৰ ভিতৰত বছৰত ৩ কোটি পৰ্যটকক আকৰ্ষিত কৰিব।