মাতৃভূমিত উপস্থিত মাজুলীৰ কন্যা স্বৰ্ণজয়ী ৰুণজুন পেগু; বিভিন্ন দল-সংগঠনৰ আদৰণি
লক্ষ্ণৌত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় জেভলিন থ্ৰ’ প্ৰতিযোগিতাৰ চিনিয়ৰ শাখাত স্বৰ্ণ পদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মাজুলীৰ কন্যা ৰুণজুন পেগু আজি আহি যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত উপস্থিত হয়।
হিমা দাসৰ সফলতাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিবলৈ সক্ষম হোৱা মাজুলীৰ কন্যা ৰুণজুন পেগুক উষ্ম আদৰণি জনালে বিভিন্ন দল-সংগঠনে।
কিন্তু মন কৰিব লগীয়া যে আজি বিভিন্ন দল-সংগঠনে ৰুণজুনক আজি যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত আদৰণি জনাবলৈ উপস্থিত হোৱাৰ বিপৰীতে চৰকাৰৰ তৰফৰ পৰা ৰুণজুনক আদৰিবলৈ কোনো এজন বিষয়ববীয়া উপস্থিত নহ’ল। যাক লৈ সচেতন মহল তথা ৰাইজৰ মাজত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে মাজুলীৰ জেংৰাইমূখ লক্ষীমি বৰপমুৱা গাঁৱৰ ৰুণজুনে শৈশৱতে পিতৃ-মাতৃক হেৰুৱাই এক কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে আহি আজি ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিবলৈ সক্ষম হৈছে। ইয়াৰ পূর্বেও ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ।
আনহাতে কাইলৈ গৃহ জিলা মাজুলীত উপস্থিত হ’ব লগা ৰুণজুনক সম্বৰ্ধনা জনাবলৈ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত বিভিন্ন দল সংগঠনে ব্যাপক আয়োজন কৰিছে। ইয়াৰ উপৰি তেওঁক বিশেষ ফেৰী, গাড়ী তথা প্ৰায় দহ হেজাৰ দুচকীয়া-চাৰিচকীয়া বাহনেৰে কমলাবাৰী ঘাটৰ পৰা জেংৰাইমুখ লৈ বিশাল শোভাযাত্ৰা কৰি আদৰি নিয়া হ’ব।