NORTHEAST NOW (Assamese)
Popular Stories

পান খাই ভাল পায়? তেন্তে চাওক ভিডিঅ’- সোণখচিত এটা পান, দাম ৬০০ টকা!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 4, 2021 5:11 pm

আপুনি পান খাই ভাল পায়নে?

আপুনি হয়তো জৰ্দাপান, মিঠা পান, বাংলাপট্টী পান অথবা বেনাৰসী পানৰ নাম শুনিছে।

কিন্তু সোণখচিত পানৰ কথা শুনিছেনে?

যদি নাই, তেন্তে এই বাতৰিটো পঢ়ক।

দিল্লীৰ এখন পানৰ দোকানৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

সোণখচিত একোটা পান দোকানখনত বিক্ৰী কৰা হৈছে ৬০০ টকাকৈ।

 

View this post on Instagram

 

A post shared by Yamu’s Panchayat (@yamuspanchayat_official)

দিল্লীৰ কন্নাউট প্লেচস্থিত ‘য়ামুজ পঞ্চায়ত’ নামৰ পান দোকানখনে সোণখচিত পানৰ এটা ভিডিঅ’ ইনষ্টাগ্ৰামত প’ষ্ট কৰে আৰু তাৰ পাছতে ই ভাইৰেল হৈ পৰে।

দোকানখনৰ নিজা ইনষ্টাগ্ৰাম একাউণ্টৰ দ্বাৰা প’ষ্ট কৰা ভিডিঅ’ ক্লিপটোত দেখা গৈছে, এগৰাকী মহিলাই কিদৰে বিশেষ পানবিধ তৈয়াৰ কৰা হয়, সেয়া বিতংভাৱে দেখুৱাইছে।

তেওঁ পানখন প্ৰস্তুত কৰোতে কিদৰে কিচমিচ, ইলাচী, মিঠা চাটনী, লং, ডাবসমূহ পানখনত মিহলাইছে সেইয়া বিতংভাৱে প্ৰদৰ্শন কৰিছে।

তাৰপাছতে তেওঁ পানখন এখন সোণখচিত ‘ভাৰ্ক’-ৰ দ্বাৰা বান্ধে আৰু চেৰীৰে পানখন সজায়।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে বহুসংখ্যক লোকে প’ষ্টটোত কমেণ্ট কৰিছে।