NORTHEAST NOW (Assamese)
অসম

শোকাকুল পৰিবেশে বিৰাজ কৰিছে নক্সালৰ আক্ৰমণত নিহত বীৰ ছহিদ বাবলু ৰাভাৰ ঘৰ খনত

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা April 4, 2021 4:58 pm
BAB RABH

শোকাকুল পৰিবেশে বিৰাজ কৰিছে নক্সালৰ আক্ৰমণত নিহত বীৰ শ্বহীদ বাবলু ৰাভাৰ ঘৰ খনত।

কেতিয়াও নভবা ঘটনা এটাই ঘটি গ’ল কালি।

ঘৰ খনৰ সকলোৱে আশা কৰিছিল বাবলু ৰাভা পুনৰ ঘৰলৈ আহিব। ঘৰ খনৰ অভাৱ-অভিযোগ সমূহ দূৰ কৰিব। কিন্তু নিয়তিয়ে সেয়া হ’বলৈ নিদিলে।

নক্সালবাদীৰ আক্ৰমণত ছহিদ  হ’ল দুধনৈৰ জোৱান বাবলু ৰাভা৷

ছত্তীশগড় বীজাপুৰত নক্সালবাদীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীবৰ্ষণ কৰে নক্সালৰ দলে৷

ফলত ২৪ গৰাকী জোৱান ছহিদ হোৱাৰ লগতে ১২ গৰাকী আহত হয় ৷

মহিলা সহ তিনিটা নক্সালো নিহত হয় সংঘৰ্ষত।

এই ভয়ংকৰ আক্ৰমণৰ ঘটনাত ছহিদ  হোৱা বীৰ সন্তান বাবলু ৰাভাৰ ঘৰ দুধনৈৰ দামৰাত ৷

যোৱা নৱেম্বৰ মাহত শেষ বাৰৰ বাবে ঘৰলৈ আহিছিল আৰু বিহুত ঘৰত অহাৰ কথা আছিল যদিও সেয়া সম্ভৱ নহ’ল ৷

এতিয়া এক বুজাব নোৱাৰা শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বাবলুৰ ঘৰত ৷

এগৰাকী কন্যা সন্তানৰ লগতে পত্নী, ভাতৃ আৰু মাতৃক এৰি থৈ যায় বীৰ ছহিদ গৰাকীয়ে ৷