NORTHEAST NOW (Assamese)
Popular Stories

৮১.২ লাখ টকা মূল্যৰ বৃহৎ পৰিমাণৰ সোণ জব্দ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 28, 2020 2:51 pm
index

৮১.২ লাখ টকাৰ মূল্যৰ বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হৈছে কেৰেলাৰ ক’ঝিকুড়ে বিমান বন্দৰত।

এয়াৰ ইন্টেলিজেঞ্চ ইউনিটে শুকুৰবাৰে বিমান বন্দৰটোত ১.৬ কিলোগ্ৰামৰ এই বৃহৎ পৰিমাণৰ সোণ দুজন যাত্ৰীৰ পৰা পৃথকে পৃথকে জব্দ কৰিবলৈ সক্ষম হয়।

শুল্ক(প্ৰতিৰোধ) বিভাগৰ সঞ্চালকালয়ে জনোৱা অনুসৰি প্ৰথমে চৌদি আৰৱৰ এগৰাকী যাত্ৰীৰ পৰা বেটেৰীৰ ভিতৰত ভৰাই অনা প্ৰায় ৭৭ লাখ টকাৰ মূল্যৰ ১.৬ কিলোগ্ৰাম সোণ জব্দ কৰা হয়।

আনহাতে ডুবাইৰ পৰা অহা অন্য এগৰাকী যাত্ৰীৰ ৪.২ লাখ টকাৰ মূল্যৰ ৮৭ গ্ৰাম সোণ জব্দ কৰে দলটোৱে।

দ্বিতীয় গৰাকীয়ে যাত্ৰীয়ে ৰাসায়নিক দ্ৰৱ্যৰ সৈতে সুগন্ধিৰ বটলত ভৰাই সোণখিনি লৈ আহিছিল বুলি প্ৰকাশ কৰিছে সঞ্চালকালয়ে।