NORTHEAST NOW (Assamese)

৭০ বছৰ পূৰ্বে টাটাৰ পৰা ‘কাঢ়ি নিয়া’ এয়াৰ ইণ্ডিয়া পুনৰ টাটাৰ হাতত! উৎফুল্লিত কৰ্মচাৰী

January 28, 2022 11:51 am · এন ই নাও নিউজ,গুৱাহাটী

প্ৰায় ৭০ বছৰ পূৰ্বে টাটা গ্ৰুপৰ হাতৰ পৰা চৰকাৰৰ হাতলৈ গৈছিল দেশৰ ঐতিহ্যমণ্ডিত বিমান পৰিবহন সংস্থা এয়াৰ ইণ্ডিয়া।

কিন্তু চৰকাৰৰ অদূৰদৰ্শী নীতিৰ বাবেই এয়াৰ ইণ্ডিয়াই ভৰিবলগীয়া হৈছিল লোকচানৰ উপৰি লোকচান। ধাৰৰ বোজাত পোত গৈছিল এয়াৰ ইণ্ডিয়া।

এনে সময়তে বিমান পৰিবহন সংস্থাটো পুনৰ ইয়াৰ জন্মদাতাৰ কাষলৈ উভতি আহিছে। শেহতীয়াকৈ চৰকাৰৰ হাতৰ পৰা পুনৰ টাটাই এয়াৰ ইণ্ডিয়াক নিজৰ হাতলৈ নিছে।

বৃহস্পতিবাৰে টাটা গ্ৰুপক এয়াৰ ইণ্ডিয়াৰ আনুষ্ঠানিক হস্তান্তৰৰ পিছতে টাটা চন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীসকলক আদৰণি জনাই এটা বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ কয় যে টাটাই এয়াৰ ইণ্ডিয়া ক্ৰয় কৰিব বুলি ঘোষণা কৰাৰ দিনৰে পৰা সকলোৱে ঘৰলৈ ঘূৰি অহাৰ বাবে উদগ্পীৱ হৈ আছিল।

“ইমান বছৰৰ পিছত টাটা পৰিয়াললৈ এয়াৰ ইণ্ডিয়াক পুনৰ স্বাগতম জনাই আমি গৌৰৱান্বিত।” বৃহস্পতিবাৰে হস্তান্তৰ সম্পূৰ্ণ হোৱাৰ লগে লগে টাটা চন্সৰ অধ্যক্ষই এয়াৰ ইণ্ডিয়াৰ সকলো কৰ্মচাৰীলৈ এখন পত্ৰ লিখিছে।

পত্ৰ খনত তেওঁ লিখিছে— “এনে স্মৃতি বোৰ আশ্চৰ্যকৰ, কিন্তু এতিয়া আগলৈ চোৱাৰ সময়। আজি এটা নতুন অধ্যায়ৰ আৰম্ভণি। সমগ্ৰ ৰাষ্ট্ৰৰ চকু আমাৰ ওপৰত আছে, অপেক্ষা কৰি আছে আমি একেলগে কি ভাল কাম কৰিম ‘।

উল্লেখ্য টাটা গ্ৰুপ এয়াৰ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক আছিল । জেআৰডি টাটাই ১৯৩২ চনত এয়াৰলাইন আৰম্ভ কৰিছিল, ই দেশৰ প্ৰথম বিমান পৰিবহন সংস্থা আৰু এই সংস্থাৰ বিমান প্ৰথমে কৰাচী আৰু বোম্বাইৰ মাজত চিঠি কঢ়িয়াই নিবলৈ ব্যৱহাৰ কৰা হৈছিল।

১৯৫৩ চনত চৰকাৰে এয়াৰ ইণ্ডিয়াক ৰাষ্ট্ৰীয়কৰণ কৰিছিল।

Related News