NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

‘ভাল বন্ধু, কিন্তু…’, ভাৰতৰ ওপৰত ২৬ শতাংশ শুল্ক ঘোষণা কৰি মোদীৰ প্ৰসংগ উত্থাপন ট্ৰাম্পৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 3, 2025 9:14 am
‘ভাল বন্ধু, কিন্তু…’, ভাৰতৰ ওপৰত ২৬ শতাংশ শুল্ক ঘোষণা কৰি মোদীৰ প্ৰসংগ উত্থাপন ট্ৰাম্পৰ

দ্বিতীয়টো কাৰ্য কালৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত প্ৰথম ভাষণত ড’নাল্ড ট্ৰাম্পে চীন, কানাডা আৰু মেক্সিকোৰ দৰে ভাৰতৰ ওপৰতো অতিৰিক্ত শুল্ক আৰোপ কৰা হ’ব ঘোষণা কৰিছিল।

ট্ৰাম্পে ঘোষণা আনুসৰি আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপ কৰিছে। আৰু এই ঘোষণা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়টো উত্থাপন কৰিছে।

পুনৰ ক্ষমতালৈ অহাৰ পিছত ড’নাল্ড ট্ৰাম্পে শুল্ক নীতিৰ সন্দৰ্ভত অতি কঠোৰ মনোভাৱ প্ৰদৰ্শন কৰিছিল। স্পষ্টকৈ প্ৰকাশ কৰে যে ভাৰতকে ধৰি বহু দেশে আমেৰিকাৰ পৰা অতিৰিক্ত শুল্ক সংগ্ৰহ কৰে। বিনিময়ত আমেৰিকাই সেই দেশসমূহৰ পৰাও অতিৰিক্ত আমদানি শুল্ক সংগ্ৰহ কৰিব।

ট্ৰাম্পে কয় যে এই দেশসমূহে আমাৰ ওপৰত যি শুল্ক আৰোপ কৰিছে তাৰ আধা আদায় দিছে আমেৰিকাই। সেইবাবেই ট্ৰাম্পে অতিৰিক্ত শুল্ক আৰোপ কৰা  ঘোষণাক ‘ডিছকাউণ্ট’ বুলি অভিহিত কৰিছে।

ভাৰতৰ কথা উল্লেখ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে নৰেন্দ্ৰ মোদীৰ নাম লৈ কয়, ভাৰতে আমেৰিকাৰ পৰা ৫২ শতাংশ শুল্ক সংগ্ৰহ কৰে। তাৰ আধা, ২৬ শতাংশ আমি কৰিম।

প্ৰসংগক্ৰমে চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ৩৪ শতাংশ শুল্ক আৰোপ কৰা হৈছে। ইয়াৰ উপৰিও আমেৰিকাই ইউৰোপীয় সংঘৰ ওপৰত ২০ শতাংশ শুল্ক, ভিয়েটনামৰ ওপৰত ৪৬ শতাংশ শুল্ক, জাপানৰ ওপৰত ২৪ শতাংশ শুল্ক, দক্ষিণ কোৰিয়াৰ ওপৰত ২৫ শতাংশ শুল্ক, থাইলেণ্ডৰ ওপৰত ৩৬ শতাংশ শুল্ক আৰু ছুইজাৰলেণ্ডৰ ওপৰত ৩১ শতাংশ শুল্ক আৰোপ কৰিছে।