NORTHEAST NOW (Assamese)

গ্ৰাহকৰ বাবে সুখবৰ : পহিলা আগষ্টৰ পৰা কমিব বাইকসহ চাৰিচকীয়া গাড়ীৰ মূল্য

July 30, 2020 11:58 am · এন ই নাও নিউজ
Updated: July 30, 2020 12:03 pm

পহিলা আগষ্টৰ পৰা দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ দাম কমিব।

ভাৰতৰ বীমা নিয়ন্ত্ৰক সংস্থা ইঞ্চুৰেন্স ৰেগুলেটৰী এণ্ড ডেভল’পমেন্ট অৰ্থ’ৰিটি অৱ ইণ্ডিয়া (Insurance Regulatory and Development Authority of India)এ প্ৰৱৰ্তন কৰা এক নতুন নিয়মৰ বাবে কমিব বাহনসমূহৰ মূল্য।

বীমা নিয়ন্ত্ৰক সংস্থাটোৰ নতুন নিয়ম অনুসৰি দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ দীৰ্ঘম্যাদী বীমা আৰু বাধ্যতামূলক কৰা নহ’ব।

ইয়াৰ ফলত বাহনসমূহৰ অন ৰোৰ্ড মূল্য কমিব।

জুন মাহতে বীমা নিয়ন্ত্ৰক সংস্থা আইআৰডিএআই(IRDAI)এ বীমা সংস্থাসমূহলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰি কৈছিল যে, নতুন গাড়ীৰ গৰাকীৰ দীৰ্ঘম্যাদী থাৰ্ড পাৰ্টি বীমা পেকেজ আৰু বাধ্যতামূলক কৰিব নোৱাৰিব।

পহিলা আগষ্টৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী কৰিবলৈ বীমা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিছে আইআৰডিএআই-এ।

বাহনৰ অন ৰোড দাম কমোৱাৰ স্বাৰ্থতে আইআৰডিএআই-এ এই নতুন নিয়ম কাৰ্যকৰী কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বৰ্তমান চাৰিচকীয়া বাহন ক্ৰয় কৰিলে গ্ৰাহকে তিনি বছৰৰ কাৰণে দীৰ্ঘম্যাদী বীমা কৰাতো বাধ্যতামূলক।

ইফালে দুচকীয়া বাহনৰ ক্ষেত্ৰত এই বীমা পাঁচ বছৰৰ বাবে বাধ্যতামূলক কৰা হয়।

ইয়াৰ ফলত গ্ৰাহকে বাহন ক্ৰয় কৰাৰ সময়ত বীমাৰ নামত অতিৰিক্ত এক মোটা অংকৰ ধন ভৰিবলগীয়া লগা হয়।

নতুন বীমা নিয়ম কাৰ্যকৰী কৰাৰ ফলত অহা পহিলা আগষ্টৰ পৰা গ্ৰাহকে এই অতিৰিক্ত ধন ভৰাৰ পৰা ৰেহাই পাব।

Related News