NORTHEAST NOW (Assamese)
Popular Stories

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিব নোৱাৰিব অসমৰ কাগজ কল : NCLAT ৰ গুৰুত্বপূৰ্ণ ৰায়দান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 29, 2019 7:01 pm

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিব নোৱাৰিব অসমৰ জাগীৰোড আৰু পাঁচগ্ৰামৰ কাগজ কল। যিহেতু আজি এই সন্দৰ্ভত এন চি এল এ টি (National Company Law Appellate Tribunal (NCLAT))এ এক গুৰুত্বপূৰ্ণ ৰায় দিয়ে।

আজি এন চি এল এ টি(NCLAT)ৰ ন্যায়াধীশসহ গঠিত তিনিজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰি কাগজ কল দুটা বন্ধ নকৰাৰ নিৰ্দেশ জাৰি কৰে। লগতে কাগজ কল দুটাৰ বিষয়া-কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নোৱাৰিব বুলি নিৰ্দেশ প্ৰদান কৰি তেওঁলোকক অতি শীঘ্ৰেই কৰ্মক্ষেত্ৰত যোগদান কৰিবলৈ কয়।

আনহাতে নিলাম কৰিলেও বৰ্তমানৰ বিষয়া আৰু কৰ্মচাৰীসকলক লৈ হস্তান্তৰহৈ কৰিব পাৰিব। লগতে পৰিসমাপক কুলদ্বীপ বাৰ্মাক কাগজ কল দুটাৰ বিষয়া-কৰ্মচাৰীৰ পাবলগীয়া দৰমহা, ভাত্তা, বকেয়া দন বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ কাষ চপাৰ নিৰ্দেশ প্ৰদান কৰিছে।