NORTHEAST NOW (Assamese)

অসমৰ গোৰ্খাসকলৰ বিষয়ত মূৰ নঘমাবলৈ প্ৰৱাসী নেপালী সমাজক সকীয়নি ভাৰতীয় গোৰ্খা পৰিসংঘৰ

November 10, 2019 10:39 pm · এন ই নাও নিউজ
Updated: November 11, 2019 2:36 pm

অসমৰ গোৰ্খাসকলৰ হৈ মাত মতা অখিল ভাৰত নেপালী একতা সমাজক সকীয়াই দি আজি ভাৰতীয় গোৰ্খা পৰিসংঘই কয় যে প্ৰৱাসী নেপালী (Non-Resident Nepali (NRN))সকলৰ অসমৰ গোৰ্খাসকলৰ হৈ মাত মতাৰ অধিকাৰ নাই।

ভাৰতীয় গোৰ্খা পৰিসংঘই আজি জাৰি কৰা এটা বিজ্ঞপ্তিত এন আৰ চিৰ পৰা বাদ পৰা এক লাখ নেপালীৰ উদ্বেগৰ বিষয়টো ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ নেপাল চৰকাৰক অনুৰোধ জনাব বুলি অখিল ভাৰত নেপালী একতা সমাজৰ যি বক্তব্যক তাক গৰিহণা দিছে।

“প্ৰৱাসী নেপালীৰ সংগঠনবোৰৰ এই দেশৰ গোৰ্খাসকলৰ হৈ আৰু বিশেষভাৱে ক’বলৈ গ’লে আমাৰ দেশৰ অভ্যন্তৰীণ বিষয়ত মাত মতাৰ কোনো অধিকাৰ নাই”, ভাৰতীয় গোৰ্খা পৰিসংঘই কয়।

সংঘই আৰু লগতে কয়, “এন আৰ চি এটা ভাৰতীয় বিষয় আৰু ” যে বাদ পৰা প্ৰকৃত ভাৰতীয় গোৰ্খাসকলক অন্তৰ্ভুক্ত কৰা হ’ব”।

গোৰ্খাসকলে কেৱল ভাৰতৰ সংবিধানকহে মানি চলে বুলি জানিবলৈ দি লগতে কয়, “অপৰিচিত প্ৰৱাসী নেপালীৰ অসম গোটে নেপাল চৰকাৰক ভাৰত চৰকাৰৰ সৈতে এক লাখ নেপালী এন আৰ চিৰ পৰা বাদ পৰা বিষয়টো আলোচনা কৰিবলৈ অনুৰোধ জনাইছে বুলি জানি অসমৰ গোৰ্খাসকল এই কথাত আচৰিত হৈছে।”

“তেওঁলোকে তেওঁলোকৰ নিজৰ কথা চিন্তা কৰক আৰু অসমৰ গোৰ্খাসকলৰ কোনো কথাত মূৰ নঘমোৱা উচিত”, বিবৃতিটোত কোৱা হয়।

উল্লেখ কৰিব পাৰি যে অসমৰ গোৰ্খা সংগঠনবোৰে এন আৰ চিৰ পৰা প্ৰায় ১ লাখ ভাৰতীয় গোৰ্খাৰ নাম বাদ পৰিছে বুলি অভিযোগ কৰি আহিছে।

তেওঁলোকে এন আৰ চিৰ এই “ত্ৰুটি”ৰ বিৰুদ্ধে বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্য্যসূচীও উলিয়াইছিল।

Related News