NORTHEAST NOW (Assamese)
অসম

টীয়কত গোৰ্খা সম্প্ৰদায়ৰ লোক সকলৰ পৰম্পৰাগত দচেৰা উৎসৱ উদযাপন

Posted by: নিৰ্মলানেন্দু পাঠক Updated by: নিৰ্মলানেন্দু পাঠক October 26, 2020 3:22 pm
টীয়কত গোৰ্খা সম্প্ৰদায়ৰ লোক সকলৰ পৰম্পৰাগত দচেৰা উৎসৱ উদযাপন

আজি বিজয়া দশমীৰ দিনাখন প্ৰতিবছৰে টীয়কৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগতভাৱে দচেৰা উৎসৱ উদযাপন কৰি আহিছে ।

নৱৰাত্ৰিৰ পূজা-অৰ্চনা কৰাৰ পাছত দেৱী দূৰ্গাৰ চৰণত বিজয়া দশমীৰ দিনা গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে সেৱা জনাই সমাজৰ পৰা অপশক্তি নাশ হোৱাৰ কামনা কৰাৰ লগতে সকলোৰে মংগল কামনা কৰি ঘৰে ঘৰে উদযাপন কৰে এই পূজাভাগ।

টীয়কৰ ঔগুৰি নেপালী খুটীৰ ৰাইজেও ৰাতিপুৱাই প্ৰতিটো পৰিয়ালৰ জেষ্ঠ সকলে কনিষ্ঠ সকলৰ কপালত চাউল, দৌ আৰু সেন্দুৰৰ মিশ্ৰণেৰে প্ৰস্তুত কৰা ফোট আঁকি দি আৰ্শীবাদ প্ৰদান কৰে।

লক্ষী পূৰ্ণিমা পৰ্যন্ত এই উৎসৱ অব্যাহত থাকিব।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বতে গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে আজিৰ এই বিশেষ দিনটোত এনেদৰে নীতি-নিয়মেৰে দচেৰা উৎসৱ পালন কৰিছে ।

বিশ্বৰ লগতে টীয়কৰ এইসকল গোৰ্খা সম্প্ৰদায়ৰ ৰাইজে এইবেলি ক’ৰ’নাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ ঘৰে ঘৰে উদযাপন কৰিছে দচেৰা উৎসৱ।