NORTHEAST NOW (Assamese)
অসম

মহাৰাষ্ট্ৰৰ উপ-মুখ্য মন্ত্ৰী অজিত পাৱাৰ কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 26, 2020 3:34 pm

মহাৰাষ্ট্ৰৰ উপ-মুখ্য মন্ত্ৰী অজিত পাৱাৰ সোমবাৰে কোভিড প’জিটিভ হয়।

কোভিড প’জিটিভ হোৱা অজিত পাৱাৰক চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰ ভাৰতৰ ভিতৰত ক’ৰ’নাৰ সংক্ৰমণত সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্য। মহাৰাষ্ট্ৰত বৰ্তমানলৈ ১৬৪৫০২০ গৰাকী লোক কোভিড প’জিটিভ হোৱাৰ বিপৰীতে ৪৩২৬৪ গৰাকী লোকৰ মৃত্যু হৈছে।

নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টি(এন চি পি)ৰ নেতা গৰাকীয়ে জনোৱা মতে বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা স্বাভাৱিক হৈ আছে।

‘‘মই পৰীক্ষাত কোভিড প’জিটিভ হৈছো। মোৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা ভাল। প্ৰতিৰোধমূলক নিৰ্দেশনাৰ বাবে বৰ্তমান মই চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্ৰিছ কেণ্ডি হস্পিটেলত ভৰ্তি হৈছো,’’ অজিত পাৱাৰে টুইট কৰি এইদৰে লিখে।

২২ অক্টোবৰত কৰোৱা ক’ৰ’নাৰ পৰীক্ষাত অজিত পাৱাৰৰ ফলাফল নিগেটিভ আহিছিল।

বিগত কেইমাহত মহাৰাষ্ট্ৰৰ ১২ গৰাকীতকৈ অধিক মন্ত্ৰী কোভিড প’জিটিভ হৈছে।