NORTHEAST NOW (Assamese)

বিশ্বনাথৰ কাঠনিবাৰীৰ ধৰ্ষণ কাণ্ড অপৰাধীক কঠোৰ শাস্তিৰ দাবী গোৰ্খা ছাত্ৰ সন্থাৰ

February 12, 2022 2:26 pm · এন ই নাও নিউজ,গুৱাহাটী

আজি সদৌ অসম গোৰ্খা সন্থাৰ বাঘমৰা আঞ্চলিক সমিতিয়ে বিশ্বনাথ চাৰিআলিত সংবাদ মেলৰ আয়োজন কৰি কাঠনিবাৰীৰ ধৰ্ষণ কাণ্ডৰ বলাৎকাৰীক কঠোৰ শাস্তিৰ পোষকতা কৰে।

উল্লেখ্য যে ৭ ফেব্ৰুৱাৰীত বিহালীৰ কাঠনিবাৰীত এগৰাকী তেৰ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰা পাষণ্ড অর্জুন চাহানী যাতে আইনৰ সুৰুঙাৰে সাৰি নাযায় আৰু অপৰাধীক উচিত শাস্তি বিহি ভুক্তভোগী কিশোৰী গৰাকীক ন্যায় প্ৰদান কৰা হয়, তাৰ বাবে সজোৰে দাবী উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে।

আনহাতে, সংগঠনটোৱে ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ পিছত ভুক্তভোগী কিশোৰীৰ যাৱতীয় স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত কিছু হেমাহি কৰাৰ অভিযোগ তুলি এই জঘন্য কাণ্ডৰ এক উচিত তদন্ত হোৱাৰ লগতে অপৰাধীক অতি সোনকালে যাতে শাস্তি দিয়াৰ দাবী জনায় ।

Related News