NORTHEAST NOW (Assamese)

প্ৰয়াত তৰুণ গগৈৰ স্মৃতি চিৰ যুগমীয়া কৰিবলৈ ডিজিটেল লাইব্ৰেৰী স্থাপন কৰিব পুত্ৰ গৌৰৱ গগৈয়ে

November 29, 2020 2:44 pm · কল্পজ্যোতি শইকীয়া

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতি চিৰ যুগমীয়া কৰিবলৈ ডিজিটেল লাইব্ৰেৰী স্থাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে।

সেয়েহে কোনো সদাশয় ব্যক্তিৰ লগত যদি তৰুণ গগৈৰ ফটোগ্ৰাফ আছে তেন্তে  whatsapp যোগে প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে পুত্ৰ গৌৰৱে।

ফেচবুক যোগে এই কথা জনাইছে পুত্ৰ গৌৰৱ গগৈয়ে।

এক ফেচবুক পোষ্টযোগে তেওঁ কয় “অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ তৰুণ গগৈদেৱৰ স্মৃতিত যুগমীয়া কৰাৰ বাবে এটা ডিজিটেল ফটো লাইব্ৰেৰী কৰাৰ মানস কৰিছো ৷”

” আপোনালোকৰ লগত যদি শ্ৰদ্ধাৰ তৰুণ গগৈদেৱৰ পুৰণি ফটোগ্ৰাফ যদি আপোনালোকৰ লগত যদি আছে, তেন্তে তলত দিয়া ফোন নম্বৰত WhatsApp কৰিবলৈ অনুৰোধ জনাইছো ৷”

গৌৰৱে লগতে ব্যক্তিসকলৰ নাম, ফটোৰ চন, তাৰিখ আৰু স্থানৰ লগতে স্মৃতিখিনিৰ সৈতে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনায় ৷
তেওঁ দিয়া whatsapp নম্বৰটো হ’ল +917086016333।

উল্লেখযোগ্য যে, যোৱা ২৩ নৱেম্বৰৰ দিনা সন্ধ্যা ৫:৩৪ বজাত অসমবাসীক কন্দুৱাই বিদায় মাগিছিল সৰ্বাধিক কালৰ বাবে মুখ্যমন্ত্ৰী হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

যোৱা ২৬ নৱেম্বৰৰ দিনা পঞ্চভূতত বিলীন হৈছিল চিৰ তৰুণ গৰাকী।

Related News