NORTHEAST NOW (Assamese)
অসম

এ.পি.ডি.চি.এলৰ লোকচানৰ বোজা ৰাইজৰ মুৰত জাপি দিছে চৰকাৰে: অভিযোগ আপৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 9, 2023 8:50 pm
AAP APDCL

অসম চৰকাৰৰ শক্তি বিভাগৰ অধীনৰ এ.পি.ডি.চি.এলৰ প্ৰি-পেইড মিটাৰ সংযোগৰ ফলত ৰাইজে পূৰ্বতকৈ অত্যাধিক পৰিমাণৰ মাছুল ভৰিব লগা হৈছে। সম্পূৰ্ণ আসোৱাহ পূৰ্ণ ব্যৱস্থাৰ জৰিয়তে এ.পি.ডি.চি.এলে লুণ্ঠন চলাইছে। এই অভিযোগ কৰিছে আম আদমী পাৰ্টিয়ে।

এক বিবৃতি যোগে আপ, অসমৰ যুটীয়া সমন্বয়ক জিতুল ডেকাই কয় যে যোৱা আগষ্ট মাহৰ পৰা ধাৰাবাহিক ভাবে চৰকাৰে বিদ্যুৎ মাছুল বৃদ্ধি কৰি ৰাইজৰ মূৰত মাধমাৰ সোধাইছে।

এ.পি.ডি.চি.এলৰ অপচয় আৰু দুৰ্নাতিৰ বাবে হোৱা লোকচানৰ ক্ষতি পূৰাবলৈ সাধাৰণ ৰাইজক বলিৰ পঠা সজোৱা হৈছে বুলি আপ নেতাগৰাকীয়ে লগতে অভিযোগ কৰে।

তেওঁ লগতে কয়, “ৰাজ্য জুৰি শক্তি বিভাগৰ এনে কাৰ্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ মাজতে মুখ্যমন্ত্ৰীয়ে আজি কৈছে যে এটা কণ্ট্ৰোল ৰূম বনাব আৰু প্ৰি পেইড মিটাৰৰ সমস্যাত ভোগা সকলে অভিযোগ দিব পাৰিব।”

বিদ্যুৎ মাছুল বৃদ্ধিৰ সমস্যা সমাধানৰ বাবে পূৰ্বতেও মুখ্যমন্ত্ৰীয়ে ৰাইজক অভিযোগ দিবলৈ এনে ব্যৱস্থাৰ কথা কৈছিল বুলি ডেকাই আঙুলিয়াই দিয়ে আৰু আজিলৈ গ্ৰাহকৰ কিমান সমস্যা পঞ্জীয়ন হল আৰু কিমান সমাধান হল সেয়া স্পষ্ট কৰিব লাগে বুলি দাবী কৰে।

চৰকাৰৰ এটা শক্তি বিভাগ থকাৰ পিছতো মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত হস্তক্ষেপ কৰা কাৰ্যই শক্তি বিভাগৰ মন্ত্ৰী, এ.পি.ডি.চি.এলৰ অভিযন্তা, বিষয়া আদি বিভাগ পৰিচালনা কৰাত বিফল হোৱাৰ প্ৰমাণ দিছে বুলিও তেওঁ লগতে দাবী কৰে।

ৰাইজৰ মূৰত এইদৰে লোকচানৰ বোজা জাপি দিয়াতকৈ তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ লগতে গিনিজ ৰেকৰ্ডৰ বাবে ১০০ কোটি টকা খৰচ কৰিব পৰা চৰকাৰে এ.পি.ডি.চি.এলক সাহায্য দি ৰাইজক বিদ্যুৎ মাছুল ৰেহাই নিদিয়ে কিয় বুলিও অসম চৰকাৰক প্ৰশ্ন কৰে জিতুল ডেকাই।