জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত পাক অনুপ্ৰৱেশকাৰী: পলাতক দুই

আজি পুৱতি নিশা ভাৰতীয় সেনাৰ এক অভিযানত জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত নিহত হয় এগৰাকী পাকিস্তানী অনুপ্ৰৱেশকাৰী। ভাৰতীয় সীমাত অনুপ্ৰৱেশৰ প্ৰচেষ্টা চলাওঁতেই ভাৰতীয় সেনাৰ গুলীত নিহত হয় অনুপ্ৰৱেশকাৰীগৰাকী।
ভাৰতীয় সেনাৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, পুৱতি নিশা প্ৰায় ২.১৫ বজাত তিনিগৰাকী সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে শ্বাহপুৰ চেক্টৰত অনুপ্ৰৱেশৰ চেষ্টা চলাওঁতে সেনাৰ অভিযানত বিফল হয়।
নিয়ন্ত্ৰণ ৰেখাত টহলদাৰী দায়িত্বত থকা ভাৰতীয় সেনাৰ এটা দলে পাকিস্তানী অনুপ্ৰৱেশকাৰী দলটোৰ গতিবিধি লক্ষ্য কৰি তেওঁলোকক বাধা দিয়ে আৰু দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয়।
জম্মুস্থিত সেনাৰ এগৰাকী বিষয়াই সদৰী কৰা মতে, সৈন্যবাহিনীৰ গুলীচালনাৰ পিছত নিৰীক্ষণৰ সময়ত ঘটনাস্থলীত এটা মৃতদেহ উদ্ধাৰ হৈছিল আৰু আন অনুপ্ৰৱেশকাৰী দুগৰাকী প্ৰাণৰক্ষা কৰি বনাঞ্চললৈ পলাই যায়।
অঞ্চলটোত সেনাই নিৰাপত্তা বেষ্টনী স্থাপন কৰি পলাতক দুই অনুপ্ৰৱেশকাৰীৰ সন্ধানত অনুসন্ধান অভিযান অব্যাহত ৰাখিছে বুলি সেনা বিষয়াগৰাকীয়ে লগতে সদৰী কৰে।