NORTHEAST NOW (Assamese)

শিক্ষক সমাজক বন্ধা শ্ৰমিকৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰেঃ ডি ৱাই এফ আই

October 17, 2024 9:16 pm ·

শিক্ষক সমাজে অনাশৈক্ষিক কামৰ বোজাৰ বিৰুদ্ধে, বিদ্যালয়ৰ পৰীক্ষা, মূল্যায়নকে ধৰি শৈক্ষিক কাৰ্যৰ বাবে ধনৰ আৱণ্টন নিদিয়াৰ প্ৰতিবাদ জনাই চৰকাৰী শিক্ষা বিষয়াৰ Whatsapp গ্ৰুপ ত্যাগ কৰাৰ বাবে লোৱা সিদ্ধান্তক চৰকাৰ আৰু শিক্ষা বিভাগৰ ফোপলা স্বৰূপটো উদঙাই দিছে বুলি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে মন্তব্য কৰিছে।

শিক্ষক সমাজৰ ন্যায্য দাবীৰ প্ৰতি সমৰ্থন জ্ঞাপন কৰি ডি ৱাই এফ আইয়ে চৰকাৰৰ এনে শিক্ষা বিৰোধী, ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন ধ্বংস কৰা আৰু শিক্ষক সমাজক মানসিক শাস্তি দিয়া সিদ্ধান্ত আৰু নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে। ডি ৱাই এফ আইয়ে লক্ষ্য কৰিছে যে সম্প্ৰতি চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহ চৰকাৰৰ ৰাজনৈতিক প্ৰচাৰৰ মঞ্চ হৈ পৰিছে। শিক্ষকসকলৰ মৰ্যাদা ধূলিসাৎ কৰি বন্ধা আজ্ঞাবাহী শ্ৰমিকলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে।

ইয়াৰ ফলত শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক পৰিৱেশ বিঘ্নিত হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ কুফল ভোগ কৰিবলগীয়া হৈছে। চৰকাৰৰ এই অদূৰদৰ্শী আৰু বিবেচনাহীন কাণ্ডই কেৱল শিক্ষক সমাজৰে ক্ষতি কৰিছে তেনে নহয় ই দেশৰ ভবিষ্যত প্ৰজন্মৰ বাবেই ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে।

এনে ছাত্ৰ বিৰোধী তথা সমাজবিৰোধী কাৰ্যৰ পৰা আঁ‌তৰি আহি সুস্থ শৈক্ষিক পৰিৱেশ ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডি ৱাই এফ আইয়ে দাবী জনাইছে। শিক্ষক সকলে যাতে কোনো অসুবিধা নোহোৱাকৈ শৈক্ষিক কাৰ্য সম্পাদন কৰিব পৰা পৰিৱেশ নিশ্চিত কৰিবলৈ ডি ৱাই এফ আইয়ে দাবী কৰিছে। ৰাজ্যৰ সুস্থ শৈক্ষিক পৰিৱেশ ৰক্ষাৰ বাবে সচেষ্ট হ’বলৈ সৰ্বস্তৰৰ ৰাইজলৈও ডি ৱাই এফ আইয়ে আহ্বান জনাইছে।

Related News