NORTHEAST NOW (Assamese)

N-95 মাস্ক পৰিধান কৰি বিপদ নবঢ়াব! সতৰ্ক কৰি দিলে কেন্দ্ৰীয় চৰকাৰে

July 21, 2020 11:11 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণ বিয়পি পৰাৰ পাছৰ পৰাই বিভিন্নজনে N-95 মাস্কৰ ব্যৱহাৰত গুৰুত্ব দিছে।

বহুতেই বজাৰ মূল্যতকৈয়ো অধিক দৰত N-95 মাস্ক কিনিবলৈ আগ্ৰহী। বজাৰত এতিয়া এই মাস্ক প্ৰায় সুলভ।

কিন্তু কেন্দ্ৰীয় চৰকাৰে N-95 মাস্ক ব্যৱহাৰৰ অত্যন্ত বিৰোধী। বিশেষকৈ ভাল্ভ ৰেছপিৰেটৰ্ছ থকা N-95 মাস্ক ব্যৱহাৰৰ ক্ষেত্ৰত।

সোমবাৰে এখন জাননী যোগে সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলক N-95 মাস্কৰ ব্যৱহাৰত কেন্দ্ৰৰ অসন্মতিৰ কথা অৱগত কৰিছে।

কেন্দ্ৰীয় চৰকাৰে বিশেষজ্ঞসকলৰ দ্বাৰা চলোৱা সমীক্ষাত দেখিছে যে N-95 মাস্কৰ ব্যৱহাৰে উপকৃত কৰাতকৈ বেছি ক্ষতিহে কৰিছে। যি কাৰণত মাস্ক পিন্ধা হয় সেই কোভিড-১৯ৰ সংক্ৰমণ N-95 মাস্কে প্ৰতিৰোধ কৰিব নোৱাৰে।

পূৰ্বতে বহু বিশেষজ্ঞই সাধাৰণ মাস্কৰ দ্বাৰা কৰ’না ভাইৰাছ ৰোধ কৰিব পৰা নাযাব বুলি দাবী কৰিছিল আৰু N-95 মাস্ক ব্যৱহাৰৰ পৰামৰ্শ দিছিল।

ইয়াৰ পাছতে N-95 মাস্ক ক্ৰয়ৰ জোৱাৰ উঠে আৰু বহুতেই সেয়া ক্ৰয় কৰি ৰাখিছে বা বাহিৰত ওলালেই তাক ব্যৱহাৰো কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ পৰা  ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা পত্ৰত সতৰ্ক কৰি দি কোৱা হৈছে যে ভাল্ভ ৰেছপিৰেটৰ্ছ থকা N-95 মাস্কৰ ব্যৱহাৰ সঠিকভাৱে হোৱা নাই। সাধাৰণ লোকৰ বাবে ই ব্যৱহাৰৰ অনুপযোগী।

সেয়েহে, এই মাস্ক পৰিধানৰ ফলত ক্ষতি অধিক হৈছে। স্বাস্থ্য কৰ্মীসকলৰ বাহিৰে সাধাৰণ লোকে যাতে এই মাস্ক পৰিধান নকৰে তাৰ বাবে দৃষ্টি ৰাখিবলৈও কোৱা হৈছে।

কোৱা হৈছে যে ইয়াত ভাইৰাছৰ সংক্ৰমণ ৰোধ নহয়, বৰঞ্চ ই ক্ষতিহে কৰিব পাৰে।

পত্ৰত স্পষ্টভাৱে কোৱা হৈছে যে N-95 মাস্কে ভাইৰাছ ৰোধ কৰিব নোৱাৰে আৰু ইয়াৰ বিপৰীতে ভাল্ভ ৰেছপিৰেটৰ্ছ থকা N-95 মাস্কেৰে কৰ’না ভাইৰাছ ওলাই আহি আনক সংক্ৰমিতহে কৰিব পাৰে। গতিকেই N-95 মাস্কৰ ব্যৱহাৰ সকলোৰে বাবে ক্ষতিকাৰক।

কেন্দ্ৰৰ ফালৰ পৰা ইতিমধ্যে ঘৰুৱা মাস্ক পৰিধান কৰি বাহিৰত ওলোৱাৰ পৰামৰ্শ দিয়া হৈছিল। লগতে কোৱা হৈছিল যে ব্যৱহাৰৰ পাছত প্ৰতিদিনে মাস্ক ভালকৈ ধুই ল’ব লাগে। ব্যৱহাৰযোগ্য যিকোনো কপাহী কাপোৰেৰে এই মাস্ক তৈয়াৰ কৰিব পাৰি।

মাস্ক ব্যৱহাৰৰ পাছত গৰম পানীৰে ধুই ভালকৈ ৰদত শুকাই লোৱাৰ লগতে গৰম পানীত নিমখ দি ধোৱাৰো পৰামৰ্শ দিয়া হৈছিল।

তদুপৰি, এজনে আনজনৰ মাস্ক যাতে পৰিধান নকৰে আৰু পৰিয়ালৰ প্ৰত্যেকে নিজৰ সুকীয়া মাস্ক পৰিধান কৰে তাৰ বাবে পৰামৰ্শ দিয়া হৈছিল।

Related News